আমগুৰি, ৬ মে':ৰাজ্য চৰকাৰে ঘোষণা কৰা নতুন ক'ভিড নিৰ্দেশাৱলী অনুসৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ২ বজাৰ লগে লগে বন্ধ কৰিব লাগিব । সেই অনুসৰি বুধবাৰৰ দিনটোত ৰাজ্যৰ চাৰিওফালে ব্যৱসায়ীসকলে এই নতুন নিৰ্দেশনা পালন কৰা দেখা গৈছে ।
প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি ২ বজাত বন্ধ আমগুৰিৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান - COVID UPDATE OF ASSAM
বুধবাৰৰ দিনটোত ৰাজ্যৰ চাৰিওফালে ব্যৱসায়ীসকলে প্ৰশাসনৰ নতুন এছঅ'পি পালন কৰা দেখা গৈছে । শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে আমগুৰি চহৰৰো ব্যৱসায়ীসকলে ২ বজাৰ লগে লগে বন্ধ কৰিলে সকলো দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ।
![প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি ২ বজাত বন্ধ আমগুৰিৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান Amguri shop close at 2pm](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11659466-516-11659466-1620288595967.jpg)
২ বজাত বন্ধ আমগুৰিৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান
ব্যতিক্ৰম নহ'ল শিৱসাগৰ জিলা । শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ লগতে আমগুৰি চহৰৰো ব্যৱসায়ীসকলে ২ বজাৰ লগে লগে বন্ধ কৰিলে সকলো দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ । প্ৰশাসনৰ নিৰ্দেশনা পালন কৰাৰ লগতে সকলো লোকক ক'ভিডৰ নীতি-নিয়মসমূহ পালনৰ বাবে আহ্বান জনালে ব্যৱসায়ীসকলে ।
লগতে পঢ়ক:প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতংগ সিঙৰ দেহাৱসান