আমগুৰি, ১৬ মাৰ্চ: বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন । নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে ভোটাৰক আকৰ্ষিত কৰিবলৈ ভিন্ন পন্থা গ্ৰহণ কৰিছে । তাৰ মাজতে ভোটাৰৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ নিৰ্বাচনী আয়োগে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে ।
ভোটাৰক সজাগ কৰিবলৈ আমগুৰিত বাটৰ নাট প্ৰদৰ্শন - ভোটাধিকাৰ সাব্যস্ত
ভোটাধিকাৰ সাব্যস্ত কৰা সন্দৰ্ভত শিৱসাগৰৰ আমগুৰিৰ ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে জিলা প্ৰশাসনে । নিৰ্বাচনী আয়োগৰ নিৰ্দেশ মৰ্মে আয়োজন কৰা হৈছে বিভিন্ন সজাগতামূলক কাৰ্যসূচী । আমগুৰিত ভোটাৰক সজাগ কৰাৰ উদ্দেশ্যেৰে বাটৰ নাট প্ৰদৰ্শন কৰা হয় ।
![ভোটাৰক সজাগ কৰিবলৈ আমগুৰিত বাটৰ নাট প্ৰদৰ্শন ভোটাৰক সজাগ কৰিবলৈ আমগুৰিত বাটৰ নাট প্ৰদৰ্শন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11026954-967-11026954-1615877772645.jpg)
ভোটাৰক সজাগ কৰিবলৈ আমগুৰিত বাটৰ নাট প্ৰদৰ্শন
ভোটাৰক সজাগ কৰিবলৈ আমগুৰিত বাটৰ নাট প্ৰদৰ্শন
শিৱসাগৰৰ ১০৩ নং আমগুৰি সমষ্টিত জিলা নিৰ্বাচনী বিষয়াৰ নিৰ্দেশমৰ্মে বাটৰ নাট প্ৰদৰ্শনৰ জৰিয়তে ভোটাৰক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সজাগ কৰাৰ প্ৰয়াস কৰা হয় । মঙলবাৰে কান্ধত ঢোল লৈ, গীত গাই ভোটাৰক আকৃষ্ট কৰিবলৈ প্ৰয়াস কৰিলে শিল্পীসকলে । এতিয়ালৈকে শিৱসাগৰৰ ৫টা স্থানত বাটৰ নাট প্ৰদৰ্শন কৰা হৈছে ।