আমগুৰি,16 এপ্ৰিলঃআমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নামতি কহাৰ গাঁৱত সংঘটিত হৈছে জঘন্য ঘটনা ৷ বুধবাৰে নিশা এগৰাকী বিবাহিত মহিলাক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে একে গাঁৱৰে অমল বৰুৱানামৰ লোকজনৰ বিৰুদ্ধে ৷ উল্লেখ্য যে,পানী বিচৰাৰ চলেৰে মহিলাগৰাকীৰ গৃহত প্ৰৱেশ কৰে অভিযুক্ত অমল বৰুৱাই ৷ আনহাতে,মহিলাগৰাকীৰ স্বামীয়ে এই কাৰ্যৰ প্ৰতিবাদ কৰাত তেখেতক মাৰ-পিট কৰাৰো অভিযোগ উত্থাপিত হৈছে লোকজনৰ বিৰুদ্ধে ৷ ইতিমধ্যে, ভুক্তভোগী মহিলা গৰাকীয়ে ঘটনা সন্দৰ্ভত আমগুৰি থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷
আমগুৰিত বিবাহিত মহিলাক ধৰ্ষণৰ অপচেষ্টা দুৰ্বৃত্তৰ - নামতি কহাৰ গাঁও ধৰ্ষণ
বুধবাৰে নিশা এগৰাকী বিবাহিত মহিলাক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে একে গাঁৱৰে অমল বৰুৱা নামৰ লোকজনৰ বিৰুদ্ধে ৷ মহিলাগৰাকীৰ স্বামীয়ে এই কাৰ্যৰ প্ৰতিবাদ কৰাত তেখেতক মাৰ-পিট কৰাৰ অভিযোগো উত্থাপিত হৈছে লোকজনৰ বিৰুদ্ধে ৷
![আমগুৰিত বিবাহিত মহিলাক ধৰ্ষণৰ অপচেষ্টা দুৰ্বৃত্তৰ Amguri Rape](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6810583-thumbnail-3x2-a.jpg)
আমগুৰিত বিবাহিত মহিলাক ধৰ্ষণৰ অপচেষ্টা দুৰ্বৃত্তৰ
Last Updated : Apr 16, 2020, 10:42 AM IST