আমগুৰি, ৮ ফেব্ৰুৱাৰী : শিৱসাগৰ জিলাৰ আমগুৰিৰ বিভিন্ন অঞ্চলত চুলাইৰ বিৰুদ্ধে তীব্ৰ অভিযান (Amguri police operation against local liquor) । আমগুৰি আৰক্ষী বিভাগে চলাইছে চুলাই ঘাটিত এই অভিযান । আমগুৰি আৰক্ষী থানাৰ দলে চুলাইৰ বিৰুদ্ধে চলোৱা এই অভিযানত বৃহৎ পৰিমাণৰ চুলাই নষ্ট কৰিবলৈ সক্ষম হৈছে (Amguri police destroyed local liquor) । মঙলবাৰে আৰম্ভ কৰিছিল আমগুৰি আৰক্ষীয়ে এই অভিযান । মঙলবাৰৰ সমান্তৰালকৈ বুধবাৰেও আমগুৰি আৰক্ষীয়ে দেওৰজা, মানটনীয়া, পুলিবৰ, ৰ'দঘাইটিং, জেহেনীয়া আদি অঞ্চলত অভিযান চলাই ছয় হাজাৰৰো অধিক লিটাৰ চুলাই নষ্ট কৰিবলৈ সক্ষম হৈছে (police raid at sulai ghati at Amguri) ।
আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নাৰায়ণ বড়োৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ দল এটাই আমগুৰিৰ দেওৰজা, মানটনীয়া, পুলিবৰ, ৰ'দঘাইটিং, জেহেনীয়া আদি অঞ্চলত বিগত দুটা দিন অভিযান চলাই চুলাই বনোৱা বহুকেইটা কাৰখানা উৎখাত কৰে (illegal liquor business) । উল্লেখ্য, আমগুৰিৰ বৃহৎ অঞ্চলত মাটিৰ তলত অস্বাস্থ্যসন্মতভাৱে চুলাই ব্যৱসায়ীয়ে ড্ৰামত চুলাই তৈয়াৰ কৰি আহিছে । আমগুৰি আৰক্ষীয়ে ড্ৰামে ড্ৰামে চুলাই নষ্ট কৰাৰ লগতে কোৰ-কুঠাৰ-লাঠি লৈ চুলাই বনোৱা গৃহ ভাঙি পেলায় ।
আনহাতে, আমগুৰি আৰক্ষী বিভাগৰ অভিযানকাৰী দলে চলোৱা অভিযানত ৬ হাজাৰৰো অধিক লিটাৰ চুলাই পাছ, চুলাই বনোৱা যন্ত্ৰ নষ্ট কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে চুলাই ব্যৱসায়ীয়ে অস্বাস্থ্যকৰভাৱে বাঁহনিৰ তলত, অতি মাৰাত্মকভাৱে জীৱনক লৈ হেতালি খেলি প্ৰস্তুত কৰি আহিছে বৰবিহ চুলাই ।