আমগুৰি, 26 জুন: পিতৃহীনা এগৰাকী ছাত্ৰী । এটা পৰিত্যক্ত স্কুলগৃহৰ এটি কোঠালিত বাস কৰে মাতৃৰ সৈতে । নিজা বুলিবলৈ নাই এটি বাসগৃহ । সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত দুটা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত সফলতাৰে উৰ্ত্তীণ হয় ছাত্ৰীগৰাকী ৷ ছাত্ৰীগৰাকী নাম অপৰাজিতা বৰুৱা । ইংৰাজীত 77, অসমীয়াত 88, পদাৰ্থ বিজ্ঞানত 60, ৰাসায়ন বিজ্ঞানত 63, বায়'ল'জীত 81 সহ মুঠ 369 নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।
নামতি ষ্টেচনৰ সমীপৰ চিলড্ৰেন হাউচৰ এটি পৰিত্যক্ত কোঠালিত মাতৃ পাৰুল বৰুৱাৰ সৈতে বসতি কৰি আহিছে অপৰাজিতা বৰুৱাই । দুচকুত অলেখ সপোন লৈ শিক্ষা জীৱনত আগবাঢ়ি যোৱা অপৰাজিতা বৰুৱাক সহায়ৰ হাত আগবঢ়ায় চামগুৰি নীলাক্ষি মেম'ৰিয়েল একাডেমীয়ে । দুটাকৈ বছৰ কোনো মাচুল নোলোৱাকৈ নীলাক্ষি মেম'ৰিয়েল একাডেমীৰ পৰিচালন সঞ্চালক চন্দ্ৰ বৰুৱাই মেধাৱী ছাত্ৰীগৰাকীৰ সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়া-শুনাৰ দায়িত্ব বহন কৰে ।