আমগুৰি, 30 জুন : বিতৰ্কই লগ নেৰা হৈছে শিৱসাগৰ জিলাৰ আমগুৰিস্থিত অসম শক্তি বিতৰণ কোম্পানীৰ সংমণ্ডল কাৰ্যালয়ক । বিদ্যুতৰ অনিয়মীয়া যোগানত অতিষ্ঠ হৈ পৰা ৰাইজে কাৰ্যালয়ত ইতিমধ্যে জাতীয় সংগঠনে প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল কৰাৰ পাচত এইবাৰ পুনৰ বিভাগটোৰ কাণ্ডই চকু কঁপালত তুলিছে ৰাইজৰ ৷ কাৰ্যালয়টোৰ অন্তৰ্গত লালিমছিগা অঞ্চলৰ প্ৰায় ৭০ টা পৰিয়াললৈ ১০ হাজাৰৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত বিদ্যুতৰ বিল প্ৰেৰণ কৰাক লৈ বিভাগটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠে ভুক্তভোগী ৰাইজ ৷ লালিমছিগা অঞ্চলটোৰ বিদ্যুৎ গ্ৰাহকসকলৰ কিছু লোকে পূৰ্বে দুই-তিনি মাহৰ বিদ্যুৎ বিল নোপোৱাৰ বাবে তেনে বিল পৰিশোধ কৰিবলৈ বাকী আছে যদিও সেই বিলৰ ধন কেতিয়াও ১০ হাজাৰ হ'ব নোৱাৰে বুলি জানিব দিয়ে ৰাইজে ৷
শক্তি বিভাগৰ কাণ্ডত অতিষ্ঠ আমগুৰিৰ ৰাইজ - লালিমছিগা অঞ্চলটো
বিদ্যুতৰ অনিয়মীয়া যোগানত অতিষ্ঠ লালিমছিগাৰ ৰাইজ ৷ অঞ্চলটোৰ ৭০ টা পৰিয়াললৈ প্ৰেৰণ ১০ হাজাৰৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত বিদ্যুতৰ বিল ৷
তেনেস্থলত ৫০ হাজাৰ টকা পৰ্যন্ত বিদ্যুৎ বিল পাই স্বাভাৱিকতে হতভম্ব হৈছে অঞ্চলটোৰ গ্ৰাহক ৰাইজ । ইপিনে পূৰ্বে মাহেকত আঢ়ৈ-তিনিশ টকাৰ বিদ্যুৎ বিল পৰিশোধ কৰা গ্ৰাহকলৈ 10,000তকৈ অধিক বিদ্যুতৰ বিল প্ৰেৰণ কৰাত এতিয়া চকু কঁপালত উঠিছে ৰাইজৰ । প্ৰকৃততে বিভাগৰ ভুলৰ বাবে নে অন্য কাৰণত বৃহৎ পৰিমাণৰ বিল প্ৰেৰণ কৰা হ'ল সেইটো স্পষ্টকৈ জানিব পৰা হোৱা নাই ৷ যদিও এই লৈ ভুক্তভোগী গ্ৰাহকসকলে গাঁৱত ৰাজহুৱা সভা অনুষ্ঠিত কৰি আজি সংশ্লিষ্ট বিভাগীয় বিষয়াক বিষয়টোৰ উচিত তদন্তৰ ব্যৱস্থা কৰিবলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে । লগতে অনাগত এসপ্তাহৰ ভিতৰত সংশ্লিষ্ট কৰ্তৃপক্ষই এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ নকৰিলে ৰাইজে গণতান্ত্ৰিকভাৱে বিভাগটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে ।