অসম

assam

ETV Bharat / state

আমগুৰিত ইছলাম ধৰ্মীয় লোকৰ প্ৰশংসনীয় পদক্ষেপ

জৰুৰীকালীন সেৱাৰ লগত জড়িত সংবাদকৰ্মী, আৰক্ষী, প্ৰশাসনৰ লোকসকলক ঈদৰ দিনা সম্ৱৰ্ধনা জনাই তেঁওলোকৰ উৎসাহ বৃদ্ধি কৰে চামগুৰিবাসী ৰাইজে ৷

amguri samuguri  muslim comuunity celebration eid ul fitar
ইছলাম ধৰ্মীয় লোকৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : May 25, 2020, 9:52 PM IST

আমগুৰি, ২৫ মেঃ আজি ত্যাগ, ধৈৰ্য্য আৰু সমন্বয়ৰ প্ৰতীক পৱিত্ৰ ঈদ ৷ এইবাৰ খালি হৈ আছে ঈদগাহ মৈদান আৰু মছজিদসমূহ ৷ ইছলাম ধৰ্মাৱলম্বী লোকসকলে এইবাৰ বিৰত আছে সামূহিক নামাজৰ পৰা ৷ কালসংহাৰী কৰ‘ণাৰ বাবে চৰকাৰে দিয়া লকডাউনৰ সম্পূৰ্ণ নীতি নিয়ম আৰু সামাজিক দুৰত্ব বজাই ৰখাৰ স্বাৰ্থত ৷ আনহাতে সামূহিক নামাজৰ পৰিৱৰ্তে ঘৰতে থাকি নামাজ পঢ়ি ঈদ উদযাপন কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷

ইছলাম ধৰ্মীয় লোকৰ প্ৰশংসনীয় পদক্ষেপ

ইপিনে ঈদৰ পবিত্ৰ দিনটোতে আমগুৰিৰ চামগুৰিবাসী ইছলাম ধৰ্মীৰ লোকসকলে এই কৰ‘ণা মহামাৰীৰ বিৰুদ্ধে যুঁজ দি থকা আৰক্ষী, প্ৰশাসন আৰু সংবাদকৰ্মী সকলক গামোছা, সম্বৰ্ধনা পত্ৰ আৰু মিঠাই টোপোলাৰে সম্বৰ্ধনা জনায় ।

লগতে পঢ়কঃ গোলাঘাটত 20 বছৰে দুৰ্বিসহ জীৱন-যাপন এটি দৰিদ্ৰ পৰিয়ালৰ

ABOUT THE AUTHOR

...view details