আমগুৰিত মৰেল পুলিচৰ আক্ৰমণত মৃত্যু যুৱকৰ - জিতু বৰগোঁহাই
আমগুৰিৰ সমীপৱৰ্তী নামতি বজাৰত মৰেল পুলিচৰ আক্ৰমণত আহত জিতু বৰগোঁহাই নামৰ 34 বছৰীয়া যুৱকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু
আমগুৰি,10 আগষ্টঃ আমগুৰিৰ সমীপৱৰ্তী নামতি বজাৰত সংঘটিত হয় এক জঘন্য কাণ্ড। মৰেল পুলিচৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ পৰৱৰ্তী সময়ত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত কৰুণ মৃত্যুক আঁকোৱালি লয় 34 বছৰীয়া জিতু বৰগোঁহাই নামৰ এজন যুৱকে ৷ ঘটনা অনুসৰি, নাজিৰাৰ ৰজাপুল নিবাসী জিতুৱে যোৰহাটৰ পৰা নামতিস্থিত বায়েকৰ ঘৰত সোমাই ঘৰলৈ উভটাৰ পথতেই সংঘটিত হয় এই জঘন্য ঘটনা। উক্ত ঘটনাৰ সময়ত জিতুক সুৰাসক্ত অৱস্থাত হাত ভৰি বান্ধি একাংশ মৰেল পুলিচে জেৰা কৰিছিল আৰু ইয়াৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল ৷ পৰৱৰ্তী সময়ত একাংশ সচেতন লোকৰ তৎপৰতাত যুৱকজনক আৰক্ষীয়ে উদ্ধাৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসাধীন অৱস্থাতে যুৱকজনৰ মৃত্যু হয় ৷ উল্লেখযোগ্য যে,দিন দুপৰতে সংঘটিত হোৱা এই ঘটনাৰ পিছতো এজনো অভিযুক্তক আৰক্ষীয়ে বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম নোহোৱাত প্ৰশাসনক ধিক্কাৰ দিছে সচেতন মহলে ৷