আমগুৰি, 19 জুলাই : বিগত কিছুদিন ধৰি ভিন্ন ৰূপত দেখা গৈছে শিৱসাগৰৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাক ৷ কোনোবা এদিন যদি ব্যস্ত কঠীয়া সিঁচাত, আন কোনোবা এদিন আকৌ পথাৰত ৰোৱনী ৰূপত ভুঁই ৰোৱাত, মৈ টনাত, পথাৰৰ আলি দিয়াত ব্যস্ত হৈ পৰিছে বিধায়কগৰাকী ।
চেনিটাইজেশ্যনত নামিল বিধায়ক প্ৰদীপ হাজৰিকা - বিধায়ক প্ৰদীপ হাজৰিকা
আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই বিভিন্ন সামাজিক কামত ব্যস্ত হৈ থকাৰ সময়তে এইবাৰ তেওঁ ব্যস্ত হৈ পৰিছে আমগুৰিত নগৰ চেনিটাইজ কৰা কামত ৷ পিঠিত স্প্ৰে লৈ তেওঁ নিজেই চেনিটাইজ কৰিছে আমগুৰি নগৰত ৷
এইবাৰ চেনিটাইজেশ্যনত নামিল বিধায়ক প্ৰদীপ হাজৰিকা
বিধায়ক হাজৰিকাক এইবাৰ দেখিবলৈ পোৱা গৈছে পিঠিত স্প্ৰে মেচিন লৈ চেনিটাইজ কৰা কামত । আমগুৰিত নগৰৰ মানুহক সজাগ আৰু সচেতন কৰিবৰ বাবে নিজেই পিঠিত স্প্ৰে মেচিন লৈ চেনিটাইজেশ্যন কৰাত ব্যস্ত হৈ পৰিছে বিধায়কগৰাকী ৷
লগতে পঢ়ক : ৰাজ্যৰ বানত এইপৰ্যন্ত মৃত্যু 84 গৰাকীৰ