অসম

assam

শাওণৰ পথাৰত ব্যস্ত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা

শাওণৰ পথাৰত কৃষিকৰ্মত ব্যস্ত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা ৷ বোৱাৰীক লগত লৈ ভূঁই ৰোৱাত ব্যস্ত হৈ পৰিল বিধায়কগৰাকী ৷

By

Published : Jul 27, 2019, 11:55 AM IST

Published : Jul 27, 2019, 11:55 AM IST

শাওনৰ পথাৰত বিধায়ক প্ৰদীপ হাজৰিকা

আমগুৰি,27 জুলাই : শাওণৰ পথাৰত কৃষিকৰ্মত ব্যস্ত হৈ পৰিল আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা। পৌৰাণিক পৰম্পৰা তথা ৰীতি-নীতিৰে গুৰু নাম দেও ভকতলৈ সেৱা আগবঢ়াই বিধায়ক হাজৰিকাৰ কৃষিভূমিত আজিৰে পৰা আৰম্ভ হৈছে ন-ভূঁই ৰোৱা ।

শাওনৰ পথাৰত বিধায়ক প্ৰদীপ হাজৰিকা

বিধায়কৰ সমান্তৰালকৈ ন-বোৱাৰীও ঘৰত বহি থাকিব নোৱাৰিলে। ৰোৱনীৰ লগত হাতত মুঠি মুঠি কঠীয়া লৈ বিধায়কৰ বোৱাৰী ব্যস্ত হৈ পৰিল কঠীয়া ৰোৱাত। ইপিনে কঠীয়া ৰোৱাৰ অন্তত সকলোৰে সৈতে লগ হৈ পথাৰতে পকা কঠাল,প্ৰসাদ খালে বিধায়কগৰাকীয়ে। এনেদৰেই বোৱাৰীৰ সৈতে শাওণৰ পথাৰত ব্যস্ত হৈ পৰিল বিধায়ক প্ৰদীপ হাজৰিকা।

ABOUT THE AUTHOR

...view details