অসম

assam

ETV Bharat / state

জামুগুৰিত খহনীয়াৰ তাণ্ডৱ - খহনীয়াত জাঁহ যোৱাৰ উপক্ৰম

জাঁজী জামুগুৰিত জাঁজী নদীৰ খহনীয়াৰ তাণ্ডৱ ৷ খহনীয়াত জাহ যোৱাৰ উপক্ৰম জামুগুৰি মুৰাকটা গাঁৱৰ মথাউৰি ৷

জাঁজী জামুগুৰিত জাঁজী নদীৰ খহনীয়াৰ তাণ্ডৱ

By

Published : Sep 18, 2019, 4:21 PM IST

আমগুৰি, ১৮ ছেপ্টেম্বৰ: জামুগুৰিত জাঁজী নদীৰ খহনীয়াই তাণ্ডৱ ৰূপ ধাৰণ কৰিছে ৷ ব্যাপক খহনীয়াত জামুগুৰি মুৰাকটা গাঁৱৰ মথাউৰিটো নদীত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ যিকোনো মুহূৰ্ত্ততে শিৱসাগৰ জিলাৰ জাঁজী- জামুগুৰি আৰু মৰাণছিগা তামুলীছিগা জনসাধাৰণৰ সংযোগ বিছিন্ন হোৱাৰ উপক্ৰম ঘটিছে ।


জামুগুৰি মুৰাকটা গাঁৱৰ সমীপত জাঁজী নদীৰ উত্তৰ পাৰত হোৱা তীব্ৰ খহনীয়াৰ ফলত মথাউৰিটোৰ পকী অংশত প্ৰায় ২৫ মিটাৰ দৈঘ্যৰ ফাঁট মেলা পৰিলক্ষিত হৈছে । জাঁজী জামুগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ পৰা মৰাণছিগা হৈ তামুলীছিগা-খনামুখ সংযোগী পথৰ এই অংশত মথাউৰিটো খহনীয়াত ক্ষতিগ্ৰস্ত হ'লে এক বৃহৎ এলেকাৰ যোগাযোগ বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । স্থানীয় ৰাইজে পথটোৰ খহনীয়াত ফাঁট মেলা অংশত বাঁহৰ বেৰ দি গধুৰ যান-বাহন চলাচলত বাধা দি ৰাখিছে ।

খহনীয়াত জাঁহ যোৱাৰ উপক্ৰম জামুগুৰি মুৰাকটা গাঁৱৰ মথাউৰি


ইতিমধ্যে জলসম্পদ বিভাগ আৰু গড়কাপ্তানী বিভাগে খহনীয়া আৰু ফাঁট মেলা অংশত পৰিদৰ্শন কৰি অস্থায়ীকৈ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰিছে । উল্লেখ্য যে নেৰানেপেৰা বৰষুণৰ ফলত এই মথাউৰি পথটোত দ গাঁত আৰু বিধস্ত চাইড বামে বহুদিনৰ পৰা স্থানীয় ৰাইজক জ্বলা-কলা দেখুওৱাৰ পাছত ব্যাপক প্ৰতিবাদ হৈছিল যাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই পথটো কেৱল শিলগুটি দি মেৰামতি কৰিয়েই দায়িত্ব সামৰিছিল ৷ কিন্তু মেৰামতিৰ এমাহ নৌ হওঁতেই পুনৰ পথটোত গাঁতৰ সৃষ্টি হোৱাৰ উপৰিও জাঁজী নদীৰ খহনীয়াই ভাবুকি অনাত স্থানীয় ৰাইজ শংকিত হৈ উঠিছে ৷ মঙলবাৰে শিৱসাগৰ জিলাৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ লগতে বিভাগৰ বহুকেইজন বিষয়াই খহনীয়া আৰু ফাঁট মেলা অংশত পৰিদৰ্শন কৰি সদ্যহতে বাঁহৰ গোঁজ পুতি অস্থায়ীকৈ খহনীয়াৰ প্ৰতিৰোধ কৰি শীঘ্ৰে প্ৰতিৰোধৰ বাবে আঁচনি প্ৰস্তুত কৰিব বুলি প্ৰকাশ কৰিছে ।

ABOUT THE AUTHOR

...view details