আমগুৰি,৩০ মে': খেয়ালি প্ৰকৃতিক অনন্য মাত্ৰা প্ৰদানেৰে আকাশ শুভ্ৰ কৰি তোলে বগলীৰ জাকে। জাক জাক বগলীয়ে মেলা পাতিছে আমগুৰিৰ দাধৰা গাঁৱত। আমগুৰি সমষ্টিৰ বৰুৱাপুখুৰী দাধৰা গাঁৱত শুভ্ৰ বসন ধৰি ওমলিছে শ শ বগলীয়ে। বহু বাটৰুৱাই তধা লাগি চায় বগলীৰ বাহনিখনলৈ।
বগাকৈ বগলী বহলাই বহিছে আমগুৰিৰ দাধৰা গাঁৱত - পৰিভ্ৰমী পক্ষী
আমগুৰি সমষ্টিৰ বৰুৱাপুখুৰী দাধৰা গাঁওত এতিয়া জাক জাক বগলী । শ শ বগলীয়ে শুভ্ৰ কৰি তুলিছে দাধৰা গাঁওখন। প্ৰকৃতিপ্ৰেমী গাঁওবাসীয়েও ৰক্ষণাবেক্ষণ দি আহিছে বগলীজাকক ।

জাক জাক বগলী বহলাই বহিছে আমগুৰিৰ দাধৰা গাঁৱত
জাক জাক বগলী বহলাই বহিছে আমগুৰিৰ দাধৰা গাঁৱত
প্ৰত্যেক বছৰে ফেব্ৰুৱাৰী মাহত বগলীৰ জাকটো দাধৰা গাঁওখনলৈ আহে আৰু তিনিমাহ থাকি গুচি যায়। নিৰাপত্তা অনুভৱ কৰা বগলীৰ জাকটোৱে কোনো লোকৰে অনিষ্ট নকৰে একদৰে অঞ্চলবাসীয়েও কোনো চিকাৰীক মাৰিবলৈ নিদি ৰক্ষণাবেক্ষণ দি আহিছে বগলীজাকক । প্ৰত্যেক বছৰে পৰিভ্ৰমী পক্ষীৰ দৰে গাঁওখনলৈ অহা বগলীৰ জাকটোক লৈ চিন্তিত বহুজন। কিয়নো বাঁহনিডৰা আছে কাৰণেই আহে বগলীৰ জাকটো যদিহে বাঁহনিডৰা নোহোৱা হৈ যায়,তেতিয়া হয়তো এনেদৰে দেখিবলৈ পোৱা নাযাব বগলীৰ জাক।