অসম

assam

ETV Bharat / state

কেনেদৰে চলিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগ

শিৱসাগৰ জিলাৰ আমগুৰিত দিখৌৰ বুকুত জৰাজীৰ্ণ ৰূপত অৱহেলিত হৈ আছে আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ তিনি খনকৈ যন্ত্ৰ চালিত নাও যাৰ বাবে ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁত আৰু ঢৌৰ মাজত দুৰ্বল ভূটভূটীৰে বিপদসংকুল যাতায়ত কৰিবলগা হৈছে দিখৌমুখৰ ৰূপহীমুখবাসী ৷

কেনেদৰে চলিছে আভ্যন্তৰীণ জলপৰিবহণ বিভাগ

By

Published : Jul 22, 2019, 12:00 PM IST

আমগুৰি ২২ জুলাইঃ শিৱসাগৰ জিলাৰ আমগুৰিত দিখৌৰ বুকুত জৰাজীৰ্ণ ৰূপত আছে আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ তিনি খনকৈ যন্ত্ৰ চালিত নাও । দুৰ্যোগৰ সময়ত বানাপীড়িত ৰাইজক উদ্ধাৰৰ বাবে ৰাজকোষৰ ধন খৰচ কৰি বিভাগটোৱে ক্ৰয় কৰিছিল কেইবালাখ টকীয়া এই যন্ত্ৰ চালিত নাও কেইখন । কিন্তু নাও কেইখন বিকল হৈ পৰা বাবে ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁত আৰু ঢৌৰ মাজত দুৰ্বল ভূটভূটীৰে যাতায়ত কৰিবলগা হৈছে দিখৌমুখৰ ৰূপহীমুখবাসী । যি য়ময়ত সঘনে ব্ৰহ্মপুত্ৰৰ বুকুত ভূটভূটী নাও দুৰ্ঘটনা সংঘটিত হৈ আহিছে সেই সময়ত আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ এনে কাণ্ডজ্ঞানহীনতাক ধিক্কাৰ দিছে বিভিন্ন দল সংগঠনৰ লগতে সচেতন ৰাইজে ।

কেনেদৰে চলিছে আভ্যন্তৰীণ জলপৰিবহণ বিভাগ

ABOUT THE AUTHOR

...view details