আমগুৰি, ২৫ জানুৱাৰীঃ ৰাজধানী দিল্লীত অনুষ্ঠিত হ'বলগীয়া গণৰাজ্য দিৱসৰ "পেৰেড"ত ভাগ ল'বলৈ নিৰ্বাচিত হৈছে শিৱসাগৰ জিলাৰ "আমগুৰি মহাবিদ্যালয়"ৰ ছাত্ৰী তথা দোপদৰ নিৱাসী বিপুল বৰুৱা আৰু ৰুলী বৰুৱাৰ কন্যা অৰ্ণালী বৰুৱা । উল্লেখ্য যে, ৰাজ্যৰ ডিব্ৰুগড়, গুৱাহাটী আৰু বড়োলেণ্ড বিশ্ববিদ্যালয় অধীনৰ মহাবিদ্যালয়ৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰায় ১৩০ খন মহাবিদ্যালয়ৰ পৰা প্ৰায় ২০০ গৰাকী স্বেচ্ছাসেৱক-সেৱিকাই এক বাচনিমূলক শিৱিৰত অংশ গ্ৰহণ কৰিছিল ৷ ইয়াৰে ভিতৰত উত্তৰ-পূৱৰ ২০ গৰাকী স্বেচ্ছাসেৱক-সেৱিকা উৰিষ্যাৰ ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামৰ বাচনি শিৱিৰলৈ নিৰ্বাচিত হয় ৷
ৰাজধানী দিল্লীত অনুষ্ঠিত গণৰাজ্য দিৱসৰ "পেৰেড"ত ভাগ ল'ব শিৱসাগৰৰ ছাত্ৰীয়ে - republic day programme at Delhi
গণৰাজ্য দিৱসৰ পেৰেডত ভাগ ল'ব শিৱসাগৰ জিলাৰ "আমগুৰি মহাবিদ্যালয়"ৰ ছাত্ৰী অৰ্ণালী বৰুৱাই ৷
আনহাতে এই ২০ গৰাকীৰ মাজৰ পৰা মুঠ ৭ গৰাকী স্বেচ্ছাসেৱক-সেৱিকা দিল্লীৰ পেৰেডৰ অনুষ্ঠানত ভাগ ল’বলৈ চূড়ান্তভাৱে নিৰ্বাচিত হয় ৷ তাৰে ভিতৰত অসমৰ ৪ গৰাকীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে স্থান লাভ কৰে। আনহাতে এই ৪ গৰাকীৰ এগৰাকী হ’ল শিৱসাগৰ জিলাৰ অৰ্ণালী বৰুৱা ৷ জানিব পৰা মতে,দেশৰ গণৰাজ্য দিৱসৰ মূল অনুষ্ঠান ”পেৰেড” অনুষ্ঠান ৰূপায়নৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ”প্ৰি পেৰেড” নামৰ অনুষ্ঠানে ”নেশ্যনেল চাৰ্ভিচ স্কীম”(ৰাষ্ট্ৰীয় সেৱা আঁচনি)ৰ জড়িয়তে বাচনি কৰে স্বেচ্ছা সেৱক-সেৱিকা। অৰ্ণালী বৰুৱাই উত্তৰ-পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰিছে।অৰ্ণালী আমগুৰি মহাবিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাষিকৰ ছাত্ৰী।