আমগুৰি, ৩১ অক্টোবৰ: আমগুৰিত ঠিকাদাৰৰ বিৰুদ্ধে পথ নিৰ্মাণত অনিয়মৰ অভিযোগ ৷ তীখা বেলিমুখীয়া সংযোগী পথ নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকৰ লগতে জাতীয় দ'ল-সংগঠন সমূহে ৷ ৩ কোটি ২ লাখ ৮৪ হাজাৰ টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া পথটোত কালভাৰ্ট নিৰ্মাণত অনিয়ম সংঘটিত কৰাৰ লগতে কম পৰিমাণৰ শিলৰ তৰপ দিয়াৰ অভিযোগ উত্থাপিত হৈছে ।
পুৰণি কালভাৰ্টৰ অংশতে নতুন কালভাৰ্ট নিৰ্মাণ কৰা, পকী বীমৰ ব্যৱস্থা নকৰা, তিনি তৰপ শিলৰ ব্যৱস্থা নকৰাকৈ পথ পকীকৰণ কৰাত ক্ষুব্ধ হৈ উঠিছে স্থানীয় লোকৰ লগতে জাতীয় দ'ল-সংগঠন সমূহ ৷