অসম

assam

ETV Bharat / state

দেওবাৰে আমগুৰিত ক’ভিডত আক্ৰান্ত 6 জন

আমগুৰিৰ সামূহিক চিকিৎসালয়ত এদিনত ছয়জন লোকৰ শৰীৰত পোৱা গ’ল ক’ভিডৰ অৱস্থিতি ৷ ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা দেওবাৰে ৩১ জনলৈ বৃদ্ধি পালে আমগুৰিত ৷

amguri covid update
দেওবাৰে আমগুৰিত ক’ভিডত আক্ৰান্ত ছয়জন

By

Published : May 9, 2021, 10:28 PM IST

আমগুৰি,৯ মে’ :আমগুৰিত ক’ভিডৰ দ্ৰুত সংক্ৰমণ । ইয়াৰ লগে লগেই কৰ’ণা মহামাৰীৰ দ্বিতীয়টো ঢৌত আমগুৰিত ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৩১ জনলৈ বৃদ্ধি পালে ৷
দেওবাৰে, আমগুৰি সামূহিক চিকিৎসালয়ত ছজন লোকৰ শৰীৰত ক’ভিডৰ অৱস্থিতি পোৱা যায় ৷

জানিব পৰা মতে, ইয়াৰে তিনিজনৰ ঘৰ টিফুক চাহ বাগিচাত, এজন আমগুৰি নগৰৰ আৰু এগৰাকী ভূঞা গাঁৱৰ হোৱাৰ লগতে হালোৱাটিং চিআৰপিএফ কেম্পৰ এজনৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷

উল্লেখ্য যে আমগুৰিত এতিয়ালৈকে ক’ভিডত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু হৈছে । দেওবাৰে আক্ৰান্ত হোৱা সকলোকে হোম আইচ’লেছনত ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷ আমগুৰিত দিনক দিনে ক’ভিড পজিটিভৰ সংখ্যা বৃদ্ধি পোৱাত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক :জুইত জাহ গ’ল তেজপুৰৰ চ’ক বজাৰ

ABOUT THE AUTHOR

...view details