আমগুৰি, ১৩ মাৰ্চঃ আমগুৰিত বিধায়ক উন্নয়ন পুঁজি ব্যৱহাৰত ব্যাপক অনিয়মৰ অভিযোগ ৷ দোপদৰ অভয়পুৰীয়া গাঁৱত পকী দলং নিৰ্মাণত লুণ্ঠনৰ অভিযোগ উত্থাপন তপন গগৈ ঠিকাদাৰজনৰ বিৰুদ্ধে ৷ বিধায়ক উন্নয়ন পুঁজিৰ প্ৰায় তিনি লাখ টকা ব্যয়েৰে এখন পকী দলং নিৰ্মাণত পুৰণি ৰদ আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি দলং নিৰ্মাণত অনিয়ম সংঘটিতৰ অভিযোগ ৰাইজৰ ৷ ইতিমধ্য এই বিষয়ক লৈ স্থানীয় ৰাইজ একত্ৰিত হৈ আমগুৰি উন্নয়ন খণ্ড বিষয়াৰ লগতে জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৷
আমগুৰিত দলং নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ - আমগুৰিত দলং নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ
নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি আমগুৰিৰ দোপদৰ অভয়পুৰীয়া গাঁৱত পকী দলং নিৰ্মাণত লুণ্ঠনৰ অভিযোগ উত্থাপন ঠিকাদাৰৰ বিৰুদ্ধে ৷
ব্যাপক অনিয়মৰ অভিযোগ