অসম

assam

ETV Bharat / state

আমগুৰিত তিনি বছৰেও সম্পূৰ্ণ ন'হল এখন দলং - ছয় লক্ষাধিক টকাৰে নিৰ্মাণ কৰা এখন দলং

আমগুৰিৰ টিফুক নদীৰ ওপৰত ছয় লক্ষাধিক টকাৰে নিৰ্মাণ কৰা এখন দলং তিনি বছৰে সম্পূৰ্ণ ন'হল ৷ চকু মুদা কুলিৰ ভাও লোৱাৰ অভিযোগ স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে ৷

তিনি বছৰেও সম্পূৰ্ণ ন'হল এখন দলং

By

Published : Sep 25, 2019, 3:50 PM IST

আমগুৰি , 25 চেপ্তেম্বৰঃ আমগুৰি বৰাহীবাৰী গাঁও পঞ্চায়তত তিনি বছৰেও সম্পূৰ্ণ ন'হল এখন দলং ৷ প্ৰায় ছয় লক্ষাধিক টকাৰে নিৰ্মাণ কৰা দলঙখন একাংশ বিষয়াৰ বাবে হৈ পৰিল ধন ঘটাৰ আহিলা ৷ ৰজাবাম মাউৎ গাঁও সংযোগী দলঙখন সম্পূৰ্ণ নোহোৱাত ব্যাহত হৈ আছে যাতায়াত ব্যৱস্থা ৷ টিফুক নদীৰ ওপৰত নিৰ্মাণ কৰা দলংখনৰ নিৰ্মাণৰ বাবে ২০১৫-১৬ চতুৰ্থ বিত্তীয় বৰ্ষত ৫ লাখ ৯৮ হাজাৰ ৬৫২ টকা আৱন্টন হৈছিল যদিও আজিও সম্পূৰ্ণ ন'হল দলঙখন ৷ আনহাতে ২০১৭ চনৰ ১৮ ফেব্ৰুৱাৰীত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই দলঙখনৰ আধাৰশিলা স্থাপন কৰিছিল যদিও সম্প্ৰতি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও লোৱাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে ৷

তিনি বছৰেও সম্পূৰ্ণ ন'হল এখন দলং

ABOUT THE AUTHOR

...view details