আমগুৰি, ২২ জুন:আমগুৰিৰ কণমানি পৰশমণি দত্তৰ মুখত হাহি বিৰিঙিল ৷ কিছুদিন পূৰ্বে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হৈছিল শিৱসাগৰ জিলাৰ আঠবছৰীয়া কণমাণি পৰশমণি দত্তৰ জীৱন সংগ্ৰামৰ দুৰ্দশাগ্ৰস্থ কাহিনী ৷ এই কাহিনী প্ৰচাৰ হোৱাৰ পাছতে কণমানিটোক সহায়ৰ বাবে আমগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ যুৱ নেত্ৰী অংকিতা দত্ত আগবাঢ়ি আহিল । অংকিতা দত্তই অঞ্জন দত্ত ফাউণ্ডেশ্বনৰ ফালৰ পৰা কিছুসংখ্যক কিতাপ,বহী,কলম,পেঞ্চিল দিয়াৰ লগতে পৰিয়ালটিৰ সহায়ক হোৱাকৈ নগদ ধন আগবঢ়ায় । নেত্ৰী অংকিতা দত্তই সংবাদ মাধ্যমৰ বাতৰিক শলাগ লোৱাৰ লগতে সংবাদমাধ্যমে ইতিবাচক বাতৰিয়ে সমাজত সুপ্ৰভাৱ পেলায় বুলি উল্লেখ কৰে । অংকিতা দত্তই আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাক দুৰ্দশাগ্ৰস্থ পৰিয়ালটোৰ মাতৃগৰাকীক স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়। উল্লেখ্য যে, বাতৰি সম্প্ৰচাৰৰ পিছতেই অভাৱগ্ৰস্থ পৰিয়ালটোৰ মুখত বিৰিঙে উঠে এক আশাৰ হাঁহি ৷
অৱশেষত পৰশমণিৰ মুখত হাঁহি বিৰিঙিল - অৱশেষত কণমানি পৰশমণি দত্তৰ মুখত হাহি বিৰিঙিল
শিৱসাগৰৰ আমগুৰিৰ কণমাণি পৰশমণি দত্তৰ জীৱন সংগ্ৰামৰ কাহিনী সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতেই কণমাণিটোক সহায়ৰ বাবে আগবাঢ়ি আহিল আমগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ যুৱ নেত্ৰী অংকিতা দত্ত ৷ কণমানিটোক কিতাপ,বহীৰ লগতে পৰিয়ালটিক আগবঢ়ালে ধন ৷ সহায় লাভ কৰি আনন্দিত হৈ পৰিল কণমাণি পৰশমণি ৷
অন্য এক খবৰৰ বাবে: শিৱসাগৰত দিখৌ নদীৰ বান পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ
২০১৬ চনতে একাংশ উন্মাদ লোকৰ গণপ্ৰহাৰত মৃত্যু হৈছিল পৰশমণিৰ পিতৃৰ ৷ তাৰ পাছতেই সংগ্ৰাম আৰম্ভ হৈছিল আঠ বছৰীয়া চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ পৰশমণিৰ ৷ এখন চাইকেল আৰু শাক-পাচলিৰে এমুঠি আহাৰৰ বাবে কণমানি পৰশমণিয়ে আৰম্ভ কৰিছিল জীৱনৰ এক নতুন অধ্যায় ৷ বিশেষভাৱে সক্ষম ভাতৃক লৈ অসহায় হৈ পৰা মাতৃক সহায়ৰ বাবে বজাৰে বজাৰে শাক-পাচলি বিক্ৰী কৰিছিল কণমানি পৰশমণিয়ে ৷ কংগ্ৰেছ নেত্ৰীগৰাকীৰ সহায় পাই কণমাণি পৰশমণিৰ এতিয়া সংকল্প এতিয়া সি ভালদৰে পঢ়িব ৷