আমগুৰি,2 আগষ্ট: অসমৰ গ্ৰামাঞ্চলৰ পৰা ক্ৰমে হেৰাই যাবলৈ ধৰিছে বহু স্তন্যপায়ী প্ৰাণী । গ্ৰামাঞ্চলৰ পৰা ক্ৰমান্বয়ে হাবি-জংঘল কমি যোৱাৰ ফলত এনে স্তন্যপায়ী প্ৰাণীৰ বাসস্থান নাইকিয়া হ'বলৈ আৰম্ভ হৈছে । ওখ গছবোৰ কাটি পেলোৱাৰ ফলতো স্তন্যপায়ী প্ৰাণীৰ বাসস্থান হৈ পৰিছে সীমিত ।
এনে এবিধ দুষ্প্ৰাপ্য স্তন্যপায়ী প্ৰাণী হৈছেবাদুলি। বাদুলি হ'ল পৃথিৱীৰ একমাত্ৰ উৰণ ক্ষমতা বিশিষ্ট স্তন্যপায়ী প্ৰাণী । শিৱসাগৰ জিলাৰ আমগুৰিৰ দিকচুত এতিয়া দেখিবলৈ পোৱা গৈছে কেইবা শতাধিক বাদুলি। দিকচু গাঁও পঞ্চায়তৰ সমীপত এখন জংঘলত থকা ওখ গছবোৰত যোৱা বহু বছৰ ধৰি বাদুলিয়ে বসতি স্থাপন কৰি আহিছে ।
মানুহৰ পৰা দূৰত্ব বজাই ৰাখি বগীজামু গছত বসতি স্থাপন কৰি আহিছে এই সমূহ দুষ্প্ৰাপ্য প্ৰজাতিৰ বাদুলিয়ে ।
ওখ গছৰ লঠঙা ডালত ওলমি মানুহৰ পৰা দূৰত্ব বজাই ৰাখি বসতি স্থাপন কৰা বাদুলিবিধ প্ৰকৃতি প্ৰেমিৰো এতিয়া আকৰ্ষণৰ মূল কেন্দ্ৰ বিন্দু । এই অঞ্চলটোৰ ৰাইজে জনোৱা মতে, পৰাধীন ভাৰতৰ সময়চোৱাত এই অঞ্চলটোত আহি নিজৰ আধিপত্য বিস্তাৰ কৰিছিল বৃটিছ সকলে ৷ তেতিয়াৰ পৰাই এই অঞ্চলত বহু বন্য জীৱ-জন্তুৱেও স্থাপন কৰি আহিছে বসতি ৷
বিভিন্ন সময়ত বহু বন্য প্ৰাণী চোৰাং চিকাৰীৰ বলি হৈ আহিছে হৈছে যদিও বৰ্তমানেও এই অঞ্চলটোত দেখিবলৈ পোৱা যায় দুষ্প্ৰাপ্য প্ৰজাতিৰ বহু বাদুলী ৷ নিশাচৰ প্ৰাণী বাদুলিয়ে আন্ধাৰত সুকলমে উৰিব পাৰে ।
সৰু জাতৰ পতংগ আৰু মাংসভোজী বাদুলিয়ে চলন-ফুৰণ আৰু খাদ্য সংগ্ৰহৰ বাবে ইক'ল'কেশ্যন কৌশল অৱলম্বন কৰে । বাদুলিয়ে অতি শব্দৰ জৰিয়তে খাদ্য বস্তুৰ সন্ধান কৰি, অৱস্থিতি নিৰ্ণয় কৰে । ফলভক্ষী বাদুলিবোৰ দিনৰ ভাগত মূৰটো তলৰ ফালে দি ভৰি দুখনেৰে ওলমি থাকে।