আমগুৰি,27 জানুৱাৰী:এফালে অগপ সভাপতি অতুল বৰা জিন্দাবাদ, আনফালে অতুল বৰা মুৰ্দাবাদ ৷ বুধবাৰে এই পৰিৱেশ দেখিবলৈ পোৱা গ’ল অগপৰ দুৰ্গস্বৰূপ আমগুৰি সমষ্টিত ৷ আগন্তুক বিধানসভা নিৰ্বাচনত পুনৰ আমগুৰি সমষ্টি দখলৰ লক্ষ্যৰে বুধবাৰে অগপই আয়োজন কৰিছিল এক বিশাল জাতীয় ঐক্য সমাৰোহ ৷ আমগুৰি নগৰৰ মাজমজিয়াৰ পৰা অগপ সভাপতি অতুল বৰাই বাইক ৰেলীৰে উপস্থিত হয় সমাৰোহস্থলীত ৷ কিন্তু ইয়াৰ মাজতে ৰাজপথৰ কাষত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আমগুৰিত অৱস্থান ধৰ্মঘটত বহিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷
এফালে অগপৰ জয়গান, আনফালে অগপ মুৰ্দাবাদ ধ্বনি - অগপৰ জাতীয় ঐক্য সমাৰোহ
বুধবাৰে আমগুৰি সমষ্টিত অগপই অনুষ্ঠিত কৰিলে বিশাল জাতীয় ঐক্য সমাৰোহ ৷ ইয়াৰ সমান্তৰালকৈ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত অৱস্থান ধৰ্মঘটত বহিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷
আনহাতে, অগপৰ জাতীয় ঐক্য সমাৰোহ স্থলীৰ পৰাই আগন্তুক নিৰ্বাচনক অগপক কোনেও ৰুধিব নোৱাৰে বুলি মন্তব্য কৰিলে অতুল বৰাই ৷ ৰাজ্যত গঠন হোৱা নতুন নতুন ৰাজনৈতিক দলসমূহ কংগ্ৰেছৰেই সৃষ্টি বুলি কটাক্ষ কৰে অগপৰ সভাপতি গৰাকীয়ে ৷ বুধবাৰৰ এই সমাৰোহতে কন্ঠশিল্পী ভৃগু কাশ্যপৰ "মানুহজনী মেইন" আৰু কুলদ্বীপৰ ৰেপ song ৰ তালে তালে নাচিলে অতুল বৰা, মন্ত্ৰী কেশৱ মহন্তৰ লগতে দলটোৰ অন্যান্য নেতৃবৃন্দ ৷ এইবাৰ অগপৰ নিৰ্বাচনী সভাত নাচ গান থাকিবই বুলি মন্তব্য সভাপতি অতুল বৰাৰ ৷ গতিকে বিটিআৰৰ পিছত এইবাৰ অগপৰ মজিয়াত ভৃগু কাশ্যপৰ যাদুৱে কিমান কাম কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব ৷
লগতে পঢ়ক-খানাপাৰাত মুকলি 'ৰাইজৰ আশা আমাৰ ইস্তাহাৰ'ৰ ভাষা দৃশ্য-শ্ৰব্য বাহন