অসম

assam

ETV Bharat / state

কৃত্ৰিম বানৰ কৱলত আমগুৰিৰ ASTC কাৰ্যালয় - ASTC bus movement stopped due to Artificial flood

ব'হাগৰ পহিলাতে অহা নেৰেনেপেৰা বৰষুণে বিপাঙত পেলাইছে বহু প্ৰান্তৰ ৰাইজক । কোনো স্থানত যদি ভূমিস্খলন আন কোনোস্থানত আকৌ কৃত্ৰিম বান । শিৱসাগৰৰ আমগুৰি নগৰটো দেখা দিছে কৃত্ৰিম বানৰ সমস্যাই(Artificial flood in Amguri) । ASTC ৰ কাৰ্যালয়টো সোমাল পানী ।

astc office affacted by artificial floods
ASTC ৰ কাৰ্যালয়ত একাঁঠু পানী

By

Published : Apr 19, 2022, 6:13 PM IST

আমগুৰি, ১৯ এপ্ৰিল: যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণ ফলত বিপৰ্যস্ত হৈ পৰিছে ৰাজ্যৰ জনজীৱন । অপৰিকল্পিতভাৱে নলা-নৰ্দমা নিৰ্মাণ কৰাৰ ফলত বহু চহৰ-নগৰত দেখা দিছে কৃত্ৰিম বানে সমস্যাই । শিৱসাগৰৰ অন্যতম চহৰ আমগুৰিটো উদ্ভৱ হৈছে কৃত্ৰিম বানৰ সমস্যা (Artificial flood in Amguri) ।

কৃত্ৰিম বানৰ কৱলত পৰিছে আমগুৰিৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ো । আমগুৰি নগৰত ধাৰাসাৰ বৰষুণৰ ফলত আমগুৰিস্থিত পৰিবহণ নিগমৰ কাৰ্যালয়ৰ ভিতৰত একাঁঠু পানী হোৱাৰ লগতে নগৰখনৰ ৩ নং ৱাৰ্ডৰ ১৫ টাকৈ পৰিয়াল কৃত্ৰিম বানৰ কৱলত পৰিছে । কৃত্ৰিম বানৰ বাবে আমগুৰিত পৰিবহন নিগমৰ বাছৰ চলাচল বন্ধ হৈ পৰিছে (ASTC bus movement stopped due to Artificial flood) ।

ASTC ৰ কাৰ্যালয়ত একাঁঠু পানী

যাৰ ফলত যাত্ৰীৰ যাতায়াত ক্ষেত্ৰত ব্যাপক অসুবিধাই দেখা দিছে । ভাৰতীয় ৰেলৱে বিভাগে গাৰ্ড ৱাল নিৰ্মাণৰ নামত পানী যোৱা নলা পুতি পেলোৱা আৰু ধোদৰ আলিৰ কাষত থকা নলাসমূহ কামত নহাৰ ফলতেই কৃত্ৰিম বানৰ কৱলত পৰি বহু পৰিয়ালে হাৰাশাস্তিৰ সন্মুখীন হৈছে ।

এই সমস্যা এতিয়াৰে নহয় ৷ বিগত বহু বছৰ ধৰি এই সমস্যাৰ মোকাবিলা কৰি আহিব লগীয়া হৈছে নগৰখনৰ বাসিন্দাই । স্থানীয় লোকসকলে জনোৱামতে ভাৰতীয় ৰেলৱে বিভাগে গাৰ্ড ৱাল নিৰ্মাণৰ নামত পানী যোৱা নলা পুতি পেলোৱাৰ পাছত উপযুক্ত ব্যৱস্থা কৰি দিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কাণসাৰ দিয়া নাই ৰে'লৱে কৰ্তৃপক্ষই । শীঘ্ৰেই এই সমস্যা সমাধানৰ দাবী অঞ্চলটোৰ ৰাইজ তথা ASTC কাৰ্যালয়টোৰ কৰ্তৃপক্ষৰ ।

লগতে পঢ়ক:প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ কৱলত ডিমা হাছাও

ABOUT THE AUTHOR

...view details