মৰাণ,২৬ ডিচেম্বৰ:অসমীয়া মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গ্ৰেটাৰ ইমপেক্ট ফাউণ্ডেচন নামৰ এটা সংস্থাই ৷ গ্ৰেটাৰ ইমপেক্ট ফাউণ্ডেচনে দৰিদ্ৰতা নিৰাময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্বৰ বিভিন্ন দেশৰ কৰ্মোদ্যমী মহিলাসকলক উপাৰ্জন ক্ষম কৰাৰ লগতে মহিলাসকলৰ হৈ কাম কৰা গোটক আৰ্থিক সহায় আগবঢ়াই আহিছে(Greater Impact Foundation in Assam) ৷
শিৱসাগৰ জিলাৰ বকতা নঙলামৰা আহোম গাঁৱত সোমবাৰে গ্ৰেটাৰ ইমপেক্ট ফাউণ্ডেচনৰ এটা দল উপস্থিত হৈ গাঁৱৰ মহিলাসকলে উৎপাদন কৰা ধূপ কাঠি আৰু চাবোনৰ উদ্যোগ পৰিদৰ্শন কৰাৰ লগতে উদ্যোগী মহিলাসকলৰ সৈতে মত বিনিময় কৰে ৷ সংস্থাটোৱে "দৃষ্টি স্বাৱলম্বন" নামৰ সংস্থাটোৰ সৈতে মিলি ভাৰতৰ বিভিন্ন স্থানত কাম কৰি আছে ৷
উল্লেখ্য যে গাঁওখনৰ এই মহিলাসকলক উদ্যোগী কৰাৰ লগতে কৰ্মমূখী কৰি তুলিছে দৃষ্টি স্বাৱলম্বন নামৰ সংস্থাটোৱে ৷ দৃষ্টি স্বাৱলম্বনৰ জৰিয়তে নাৰী সাৱলীকৰণৰ নিদৰ্শন দাঙি ধৰিছে শিৱসাগৰ জিলাৰ বকতা নঙলামৰা আহোম গাঁৱৰ এই মহিলাসকলে ৷ বৰ্তমান এই উদ্যোগত মহিলাসকলে দৈনিক উৎপাদন কৰিছে গা ধোৱা চাবোন, কাপোৰ ধোৱা চাবোন আৰু ধূপ কাঠি(American organization inspects indigenous industry) ৷