আমগুৰি, ২৪ মাৰ্চ: আমগুৰি নামতি চাৰিআলিৰ আদৰ্শ গাঁওত কিশোৰীক ধৰ্ষণৰ ঘটনা ৷ ৫০ বছৰীয়া ববাতি আলীয়ে ধৰ্ষণৰ কৰি ৭ মাহৰ অন্তঃসত্তা কৰে এগৰাকী ১২ বছৰীয়া কিশোৰীক ৷ ভুক্তভোগী কিশোৰী গৰাকীক কেইবামাহৰ আগৰে পৰা ঘৰত কোনো ব্যক্তি নথকাৰ সুযোগ গ্ৰহণ কৰি একাধিকবাৰ বলপূৰ্বকভাৱে ধৰ্ষণ কৰি আহিছিল অভিযুক্ত ববাতি আলিয়ে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে কিশোৰীগৰাকীৰ মাতৃয়ে আমগুৰি থানাত এজাহাৰ দাখিল কৰিছে ।
আমগুৰিত ধৰ্ষণৰ বলি 12 বছৰীয়া কিশোৰী - ৫০ বছৰীয়া ববাতি আলী
আমগুৰি নামতি চাৰিআলিৰ আদৰ্শ গাঁওত কিশোৰীক ধৰ্ষণৰ ঘটনা ৷ এজাহাৰৰ ভিত্তিত পলাতক ধৰ্ষণকাৰী ববাতি আলীক গ্ৰেপ্তাৰ ৷
![আমগুৰিত ধৰ্ষণৰ বলি 12 বছৰীয়া কিশোৰী আমগুৰিত কিশোৰীক বলাৎকাৰৰ ঘটনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11134927-25-11134927-1616563072666.jpg)
আমগুৰিত কিশোৰীক বলাৎকাৰৰ ঘটনা
আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 316 AB/506 আৰু POCSO আইনৰ 6 ধাৰাত 35/2021 নং গোচৰত পঞ্জীয়ন কৰি পলাতক ববাতি আলিক নাজিৰা মঠিয়াছিগাৰ এঘৰত আত্মগোপন কৰি থকা অৱস্থাৰ পৰা গ্ৰেপ্তাৰ কৰে ।