শিৱসাগৰ, 26 জুলাই : কি চলিছে অ’এনজিচি(OMGC) অসম সম্পদৰ ভিতৰচ'ৰাত ? অনা অসমীয়া ব্যৱসায়ীৰ সৈতে মিলি এইবাৰ বেণ্টনাইটৰ চোৰাং বেহা চলাইছে নেকি একাংশই ! অ’এনজিচি অসম সম্পদৰ খনন-উৎপাদনৰ বাবে অহা হাজাৰ হাজাৰ টন বেণ্টনাইট(BENTONITE)ভেজাল কৰিছে কোনে ? এনে সহস্ৰাধিক প্ৰশ্নই এতিয়া জুমুৰি মাৰি ধৰিছে সকলোকে ৷
যি সময়ত অ’এনজিচি অসম সম্পদৰ উৎপাদন ক্ৰমে নিম্নগামী হ'ব ধৰিছে, অ’এনজিচি(ONGC)ক অইলৰ সৈতে চামিল কৰাৰ বাবে প্ৰয়াস চলিছে তেনে সময়তে অ’এনজিচিৰ একাংশ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে চোৰাং চক্ৰৰ সৈতে গোপন মিতিৰালি কৰাৰ অভিযোগ । অ’এনজিচিৰ অসম সম্পদৰ খনন-উৎপাদন কাৰ্যত ব্যৱহৃত বেণ্টনাইট নামৰ ৰাসায়নিক পদাৰ্থক লৈ অনা-অসমীয়া ব্যৱসায়ীৰ সৈতে মিলি ভেজালকৰণৰ অভিযোগ উত্থাপিত হৈছে । অ’ এন জি চি অসম সম্পদে আছাম-আৰাকান বেছিন আৰু শিলচৰ প্ৰজেক্টৰ খননৰ বাবে ১,৮০০ মেট্ৰিক টন বেণ্টনাইট গুজৰাটৰ স্কপ ইনগ্ৰিডেণ্টছ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীৰ পৰা ক্ৰয় কৰিছিল ।
অ’এনজিচিৰ কোৱালিটি ক’ণ্ট্ৰল বিভাগে গুজৰাটৰ ভোজৰ পৰা আহিবলগীয়া এই বেণ্টনাইটসমূহৰ গুণাগুণ পৰীক্ষা কৰি ক্ৰয়ৰ চুক্তি সম্পন্ন কৰিছিল । সেই সূত্ৰে কিছুদিনৰ আগত যোৰহাটৰ ৰেল ৰেকত এইসমূহ বেণ্টনাইট আহি পোৱাৰ পাচত নিয়ম অনুসৰি বেণ্টনাইট সুৰক্ষিতভাৱে শিৱসাগৰৰ লাকুৱাস্থিত অ’ এন জি চিৰ গুডামত ৰখাৰ ব্যৱস্থা কৰিব লাগিছিল । কিন্তু ইয়াকে নকৰি বেণ্টনাইট যোগান ধৰা প্ৰতিষ্ঠানে বিনোদ কুমাৰ কৰনানি নামৰ পৰিবহন ভেণ্ডৰজনক এই সমস্ত বেণ্টনাইট যোৰহাটৰ দুজন অনা অসমীয়া ব্যৱসায়ীৰ গুডামত মজুত কৰাৰ নিৰ্দেশ দিয়ে ।