অসম

assam

By

Published : Aug 10, 2022, 2:32 PM IST

ETV Bharat / state

CM Signature Project: অনিয়মৰ অভিযোগ

শিৱসাগৰ জিলাৰ আমগুৰিত মুখ্যমন্ত্ৰী চিগনেচাৰ প্ৰকল্প ৰূপায়ণত অনিয়মৰ অভিযোগ উত্থাপিত হৈছে(Allegations of irregularities) । মুখ্যমন্ত্ৰী চিগনেচাৰ প্ৰকল্পৰ অধীনত ২০১৮ বৰ্ষত নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল আমগুৰি মিনি ষ্টেডিয়ামৰ ৷ বিগত প্ৰায় ৪ বছৰে অতি লেহেমীয়া গতিৰে চলাই থকা হৈছে ষ্টেডিয়ামখনৰ নিৰ্মাণকাৰ্য ।

CM Signature Project
অনিয়মৰ অভিযোগ

আমগুৰি, ১০আগষ্ট: শিৱসাগৰ জিলাৰ আমগুৰিত মুখ্যমন্ত্ৰী চিগনেচাৰ প্ৰকল্প ৰূপায়ণত অনিয়মৰ অভিযোগ উত্থাপিত হৈছে । মুখ্যমন্ত্ৰী চিগনেচাৰ প্ৰকল্পৰ অধীনত ২০১৮ বৰ্ষত নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল আমগুৰি মিনি ষ্টেডিয়ামৰ ৷ বিগত প্ৰায় ৪ বছৰে অতি লেহেমীয়া গতিৰে চলাই থকা হৈছে ষ্টেডিয়ামখনৰ নিৰ্মাণকাৰ্য(CM Signature Project) ।

এম বি ট্ৰেডাৰ্ছ নামৰ কোম্পানীয়ে চলাই আছে ষ্টেডিয়ামখনৰ নিৰ্মাণকাৰ্য ৷ তদুপৰি প্ৰায় ১০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা প্ৰকল্পটোৰ নিৰ্মাণত বিসংগতিৰ অভিযোগ আনিছে আমগুৰিৰ জাতীয় দ'ল-সংগঠনে ।

নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই পেভেলিয়ানৰ টাইলছ খহি পৰা, বিদ্যুৎ সংযোগত বিসংগতি আদি পৰিলক্ষিত হৈছে ৷ যিয়ে ষ্টেডিয়ামখনৰ কামৰ মানদণ্ড নিম্নগামী হোৱাটোকে প্ৰমাণ কৰে বুলিও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সচেতন মহলে । আমগুৰিৰ জাতীয় দ'ল-সংগঠনে এম বি ট্ৰেডাৰ্ছৰ ওপৰত শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

লগতে পঢ়ক:লেহেমীয়া গতিত চলিছে কলিয়াবৰৰ শ্লুইছ গে'টৰ নিৰ্মাণকাৰ্য

ABOUT THE AUTHOR

...view details