আমগুৰি, 12 ডিচেম্বৰ : অনিয়ম তথা প্ৰৱঞ্চনা কোনো নতুন বিষয় নহয় ৷ সততে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত প্ৰৱঞ্চনা, অনিয়ম তথা দুৰ্নীতি সংঘটিত হৈ থকাৰ অভিযোগ উত্থাপন হোৱাৰ খবৰ প্ৰকাশ পায় সংবাদ মাধ্যমত ৷ বিশেষকৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্যখণ্ডত বিভিন্ন অনিয়ম তথা দুৰ্নীতিৰ অভিযোগ (Scam in Health Department in Assam) সঘনে উত্থাপন হৈ আহিছে ৷
পুনৰবাৰ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ (Allegations of Deception against the Health Department) উত্থাপন হৈছে ৷ এই অভিযোগ তৰিছে আমগুৰি সমষ্টিৰ চামগুৰিৰ ৰামুংগীয়া গাঁৱৰ এটা পৰিয়ালে ৷ পৰিয়ালটোৱে অভিযোগ কৰা অনুসৰি, বিগত 27 বছৰে চৰকাৰী প্ৰৱঞ্চনাৰ বলি হৈছে চামগুৰিৰ ৰামুংগীয়া গাঁৱৰ খাইৰুদ্দিন আহমেদৰ পৰিয়ালটোৱে ৷
প্ৰয়াত খাইৰুদ্দিন আহমেদৰ পৰিয়ালৰ সদস্যই অভিযোগ কৰা মতে, ১৯৯২ চনতে পৰিয়ালক সংস্থাপিত কৰাৰ আশ্বাসৰে চৰকাৰে দান লৈছিল ৯ বিঘা ৪ কঠা ১৫ লোচা ভূমি । দৰিদ্ৰ পৰিয়ালটোৱে এটা চৰকাৰী চাকৰিৰ আশাত বন্দী হৈ ৰাইজৰ কাৰণে দান কৰিছিল বৃহৎ পৰিমাণৰ ভূমিখিনি । দিন বাগৰিল, সময় পাৰ হ’ল ৷ কিন্তু বৰ্তমান আমো নাই ফৰ্মূটিও নাই ৷