নাজিৰা, 27 আগষ্টঃএজন শিক্ষকৰ বিৰুদ্ধে শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিত কলংক সনাৰ অভিযোগ উত্থাপন হৈছে ।নাজিৰা মহকুমাৰ অন্তৰ্গত নাজিৰা শিক্ষাখণ্ড এলেকাৰ অধীনৰ প্ৰাণবাৰী প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষকে এগৰাকী অংগনবাড়ী কৰ্মীৰ সৈতে কোনো নথকাৰ সুবিধা গ্ৰহণ কৰি অপকৰ্মত লিপ্ত থকাৰ অভিযোগ উত্থাপিত হৈছে৷
নাজিৰাত শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিত কলংক শিক্ষকৰ! - অংগনবাদী কৰ্মী
পৱিত্ৰ শিক্ষা বৃত্তিক পুনৰ কলংকিত কৰাৰ অভিযোগ এজন শিক্ষকৰ ওপৰত৷ বিদ্যালয়ৰ শ্ৰেণী কোঠাত অংগনবাড়ী কৰ্মীৰ লগত অপকৰ্মত লিপ্ত থকাৰ অভিযোগ শিক্ষক জনৰ বিৰুদ্ধে৷
অভিযোগ অনুসৰি হাতীপটী অঞ্চলৰ বিদ্যালয়খনৰ শিক্ষক আমিৰ হুছেইনে বিদ্যালয়ৰে এগৰাকী অংগনবাড়ী কৰ্মীৰ লগত বিদ্যালয়ৰ গৰম বন্ধৰ সময়ত বিদ্যালয়ৰ ভিতৰতে অপকৰ্মত লিপ্ত হোৱা প্ৰত্যক্ষ কৰে এজন স্থানীয় লোকে । পূৰ্বতেও শিক্ষক জনৰ বিৰুদ্ধে বিদ্যালয়ৰ ছাত্ৰীক অশ্লীল ইঙ্গিত দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ শিক্ষকজনে এনে অপকৰ্ম সংঘটিত কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে জিলা শিক্ষা বিষয়াক অৱগত কৰাৰ লগতে এই শিক্ষক জনৰ বদলীৰ দাবী জনায় ৷ ইয়াৰোপৰিও স্থানীয় ৰাইজ তথা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে শিক্ষা বিষয়াক বিগত মাহৰ 23 তাৰিখে এই সম্পৰ্কত এক লিখিত অভিযোগ দিছিল ৷ কিন্তু ৰাইজৰ অভিযোগ অনুসৰি শিক্ষা বিভাগে এমাহ পৰ্যন্ত এই সন্দৰ্ভত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই৷
ইপিনে এই সন্দৰ্ভত নাজিৰাৰ মহকুমাধিপতি গৰাকীয়ে এই অভিযুক্ত শিক্ষক জনৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা বিষয়াক জনাইছিল যদিও কিহৰ বাবে আজি পৰ্যন্ত শিক্ষকজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হোৱা নাই সেইয়া এতিয়া ৰহস্যৰ আৱৰ্তত ৷