আমগুৰি, 12 জুন: শিৱসাগৰ জিলাৰ আমগুৰিত সাংসদ পুঁজিৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷ আমগুৰিৰৰ মাউৎ গাঁও খেলপথাৰৰ খেলুৱৈৰ সাজ-সজ্জাৰ কোঠা নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷ গৃহটো নিৰ্মাণত অতি নিম্নমানৰ ৰ'ড ব্যৱহাৰৰ অভিযোগ উত্থাপিত কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷
আমগুৰিত সাংসদ পুঁজিৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ - MP fund misuse at Amguri
আমগুৰিৰৰ মাউৎ গাঁও খেলপথাৰৰ খেলুৱৈৰ সাজ-সজ্জাৰ কোঠা নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷
আমগুৰিত সাংসদ পুঁজিৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ
উল্লেখ্যে যে, 2017-18 বৰ্ষতে উক্ত গৃহটো নিৰ্মাণৰ বাবে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ পুঁজিৰ পৰা তিনি লাখ টকা আৱন্টন কৰা হৈছিল ৷ কিন্তু নিৰ্মাণকাৰ্য আৰম্ভ হোৱা দুটা বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো ৰহস্যজনকভাৱে সম্পূৰ্ণ হৈ নুঠিল উক্ত গৃহটো ৷ ইতিমধ্যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গৃহ নিৰ্মাণত সংঘটিত হোৱা অনিয়ম সন্দৰ্ভত বিভাগীয় বিষয়াৰ লগত যোগাযোগ কৰি ইয়াৰ উচিত তদন্তৰ দাবী কৰিছে ৷
লগতে পঢ়কঃ ৰাইজৰ মাজলৈ গৈ বিপদত পৰিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী
Last Updated : Jun 12, 2020, 10:36 AM IST