আমগুৰি, ২৬ নৱেম্বৰ: ৰাজ্যৰ বাটপথ সূচল কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে হাতত লৈছে বিভিন্ন কাৰ্যসূচী । কিন্তু কিমান সঠিক মানদণ্ডৰ হৈছে ৰাজ্যৰ বাট-পথ নিৰ্মাণৰ কাম ? পথ নিৰ্মাণৰ নামত একাংশ ঠিকাদাৰে কৰি অহা দুৰ্নীতি কোনো নতুন কথা নহয় । এইচাম ঠিকাদাৰৰ দুৰ্নীতিৰ বাবেই নিৰ্মাণৰ পাছতেই জহি খহি যায় পথসমূহ (Contractor corruption in road construction) । আন্তঃগাঁথনি উন্নয়ণৰ নামত আৱন্টিত পুজিৰ ব্যাপক অপচয় কৰি নিজৰ পকেট গৰম আহিছে ঠিকাদাৰৰ লগতে একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ৷
শেহতীয়াকৈ শিৱসাগৰ জিলাৰ আমগুৰিত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত হোৱা পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়মৰ । ঐতিহাসিক ধোদৰ আলিৰ পৰা বৰাহীবাৰী ৰজাবাৰী সংযোগী পথচোৱা নিৰ্মাণক লৈ ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে অনিয়মৰ এই অভিযোগ (Corruption in road construction in Amguri)। প্ৰাপ্ত তথ্য অনুসৰি ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথচোৱা নিৰ্মাণৰ বাবে আৱন্টিত হৈছিল ৩ কোটি ৭৬ লাখ ৭৪ হাজাৰ টকা ৷
লগতে এই পথচোৱা নিৰ্মাণৰ বাবে দায়িত্ব লাভ কৰিছিল শিৱসাগৰৰ সঞ্জীৱ মেথিউজ নামৰ ঠিকাদাৰজনে ৷ সঞ্জীৱ মেথিউজে পথচোৱাত অতি নিম্নমানদণ্ডৰ সামগ্ৰী প্ৰয়োগ কৰি বাকী ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনস্থ পথচোৱা বালিৰ ওপৰতে বিটুমিন মাৰি নিৰ্মাণ কৰাৰ অভিযোগ তুলি একাংশ ক্ষুব্ধ লোকে বন্ধ কৰি দিয়ে পথটোৱাৰ নিৰ্মাণকাৰ্য ।