অসম

assam

ETV Bharat / state

Neer Nirmal Yojana Scheme : আছে আঁচনি, নাই কাম...প্ৰতিবাদত বহিল কৰ্মচাৰী - allegation of corruption in Neer Nirmal Yojana Scheme at amguri

চৰকাৰৰ এক কল্য়াণকামী আঁচনি হৈছে নীৰ নিৰ্মল যোজনা আঁচনি (Neer Nirmal Yojana Scheme) ৷ পিছে 2016 চনৰ পৰা এই আঁচনিৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকলে আজিলৈকে লাভ নকৰিলে কোনোধৰণৰ বেতন ৷ সম্প্ৰতি এই আঁচনিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত (Corruption in Neer Nirmal Yojana Scheme) হৈছে ৷

allegation-of-corruption-in-neer-nirmal-yojana-scheme-at-amguri
নীৰ নিৰ্মল যোজনা আঁচনিৰ কৰ্মচাৰীৰ প্ৰতিবাদ

By

Published : Dec 23, 2021, 10:03 AM IST

আমগুৰি, 23 ডিচেম্বৰ :ৰাজ্যৰ অধিকাংশ চৰকাৰী বিভাগৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৷ চৰকাৰে জন সাধাৰণৰ কল্যাণৰ হকে বিভিন্ন সময়ত অভিলাসী আঁচনি গ্ৰহণ কৰে ৷ কিন্তু এই আঁচনিসমূহৰ সুবিধা প্ৰকৃত হিতাধিকাৰীয়ে বহু সময়তে লাভ নকৰে বুলি অভিযোগ উত্থাপিত হয় ৷ তেনে এক ঘটনাই সংঘটিত হৈছে শিৱসাগৰ জিলাত ৷ জিলাখনত থকা নীৰ নিৰ্মল যোজনা আঁচনি (Neer Nirmal Yojana Scheme) সম্প্ৰতি একপ্ৰকাৰ প্ৰহসনত পৰিণত হৈছে (Corruption in Neer Nirmal Yojana Scheme) ৷

জানিব পৰা মতে, ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনতে আছে এইখন আঁচনি ৷ এই আঁচনিৰ অধীনত কৰ্মৰত স্বেচ্ছাসেৱক সকলে সম্প্ৰতি দিন পাৰ কৰিছে আৰ্থিক দুৰৱস্থাৰ মাজেৰে ৷ বৰ্তমানলৈকে জিলাখনত প্ৰায় 50 গৰাকী লোকে বিনা বেতনে দায়িত্বত নিয়োজিত হৈ আছে ৷ দীৰ্ঘদিনে বিনা বেতনে কাম কৰাৰ ফলতে এইসকল লোকে ভূগিছে আৰ্থিক সংকটত ৷ বিগত 2013 চনত ৰাইজক বিশুদ্ধ খোৱাপানী যোগানৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে আৰম্ভ কৰিছিল নীৰ নিৰ্মল যোজনা নামৰ আঁচনিখন ৷ চৰকাৰে আঁচনি মুকলি কৰিছিল ঠিকেই, কিন্তু লাভান্বিতহে নহ’ল হিতাধিকাৰীসকল ৷

প্ৰতিবাদত বহিল নীৰ নিৰ্মল যোজনা আঁচনিৰ কৰ্মচাৰী

উল্লেখ্য যে, শিৱসাগৰ জিলাৰ আমগুৰি আৰু গৌৰীসাগৰ উন্নয়ন খণ্ডৰ 25 খন পঞ্চায়তত জৰীপ কৰিবৰ বাবে প্ৰতিখন গাঁও পঞ্চায়তত দুজনকৈ লোকক নিযুক্তি প্ৰদান কৰা হৈছিল ৷ তদুপৰি প্ৰতিঘৰ হিতাধিকাৰীৰ পৰা 450 টকাকৈ আৰু অনুসূচিত জাতি-জনজাতিৰ লোকসকলৰ পৰা 225 টকাকৈ মুঠ 30 লাখ টকা সংগ্ৰহ কৰা বুলি বৰ্তমান অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে ধন সংগ্ৰহ আৰু জৰীপৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে অনিয়মীয়াকৈ নিযুক্তি দিয়া স্বেচ্ছাসেৱক সকলে বিনা বেতনে কাম কৰি থকাৰ উপৰিও ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হৈছে ৷

এই খাম-খেয়ালি অব্যাহত থকাৰ মাজতে শেহতীয়াকৈ ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ দাসে বিভাগটোৰ প্ৰায় 22 হাজাৰ খালী পদ পূৰণৰ কথা ঘোষণা কৰিছিল ৷ মন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে অস্থায়ী বিনা বেতনে দীৰ্ঘদিনে কাম কৰি থকা কৰ্মচাৰীসকল ৷ বিগত 2016 চনৰ পৰা বিনা বেতনে কাম কৰি থকা কৰ্মচাৰীসকলে এইক্ষেত্ৰত প্ৰথমে প্ৰাধান্য পোৱাৰ দাবী উত্থাপন কৰিছে ৷

লগতে চাওক:Scotland of the East : শ্বিলঙত তুষাৰৰ শুভ্ৰ আৱৰণ

For All Latest Updates

ABOUT THE AUTHOR

...view details