শিৱসাগৰ, 7 এপ্ৰিল: স্বাস্থ্য সেৱা উৎসৱৰ দিনাই শিৱসাগৰত উন্মোচিত হৈছে স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ (Swasthya Sewa Utsav 2023)৷ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত অট্টালিকাত বৃহৎ ফাঁট ৷ নিৰ্মাণকাৰ্যৰ দুবছৰ নৌহওঁতেই ধৰা পৰিল বিসংগতি ৷ এজাক বৰষুণ দিলেই ভৱনটোৰ ভিতৰত পৰে পানী ৷ মুকলি হোৱাৰ পূৰ্বেই ঠিকাদাৰী প্ৰতিষ্ঠানৰ নিম্ন মানদণ্ডৰ কামৰ ভয়ংকৰ পৰিণতি (Corruption in Sivasagar) ৷
MS SHIVAM TRUSTCON PVT LTD নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে লাভ কৰিছিল বিল্ডিং নিৰ্মাণৰ দায়িত্ব ৷ প্ৰায় ১০০ কোটি টকা ধাৰ্য কৰা হৈছিল শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয় নিৰ্মাণৰ বাবে ৷ নতুনকৈ নিৰ্মাণ কৰা প্ৰায় ১০০ খন বিচনাযুক্ত অত্যাধুনিক চিকিৎসালয়খনৰ ভৱনটোৰ দেৱালত এতিয়া দেখা পোৱা গৈছে বৃহৎ বৃহৎ ফাঁট ৷ লগতে এজাক বৰষুণতে ভৱনটোৰ ভিতৰখন জলমগ্ন হৈ পৰাৰ অভিযোগ ৷ নানা বিসংগতিৰে নৱনিৰ্মিত ভৱনটো নিৰ্মাণ কৰা হ'ল বুলি অভিযোগ কৰিছে শিৱসাগৰৰ বিভিন্ন দল-সংগঠনে (Corruption in Hospital Construction at Sivasagar) ৷
ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিসংগতিপূৰ্ণ নিম্নমানদণ্ডৰ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিভিন্ন দল-সংগঠনে ৷ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিছে শিৱসাগৰ জিলা আটাছুৱে ৷ স্বাস্থ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰাৰ লগতে কোটি টকা হৰলুকি কৰি ষড়যন্ত্ৰ কৰা ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে সংগঠনটোৱে ৷ উল্লেখযোগ্য যে এই নিম্নমানদণ্ডৰ নিৰ্মাণ কাৰ্যৰ কথা শিৱসাগৰ জিলা উপায়ুক্তই অৱগত হোৱাৰ পাচতে এতিয়া নিৰ্মাণৰ সম্পূৰ্ণ কাম জিলা উপায়ুক্তৰ তত্বাৱধানত চলি আছে (Sivasagar Civil Hospital) ৷