শিৱসাগৰ, ২৯ মাৰ্চ:চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি প্ৰদানৰ সপোন সপোন হৈয়ে ৰ'ব । চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দেখা সপোনত চেঁচাপানী ।এই গুৰুতৰ তথ্য সদৰি কৰিছে চৰাইদেউ মৈদাম সীমা নিৰ্ধাৰণ কমিটীয়ে । শিৱসাগৰৰ অডিঅ' চিটি কনফাৰেন্স হলত এক সংবাদমেল যোগে মংগলবাৰে এই শংকা প্ৰকাশ কৰে কমিটিৰ সভাপতি ড° জীতেন বৰপাত্ৰগোঁহাই আৰু সদস্য ড° জাকিৰুল আলমে (Allegation of conspiracy to deprive Charaideo Maidam)।
চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দেখা সপোনত চেঁচাপানী চৰাইদেউ মৈদাম সীমা নিৰ্ধাৰণ কমিটীয়ে উল্লেখ কৰা অনুসৰি, চুকাফাৰ সৈতে তাই খামটিলৈকে মুঠ ৭ জন ৰজাই ১৩৭ বছৰ ৰাজত্ব কৰিছিল । কিন্তু বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে জনোৱা আবেদনৰ লগত যি প্ৰামাণিক তথ্য দিয়া হৈছে তাত এই ৭ জন ৰজাৰ মৈদাম অন্তৰ্ভুক্ত হোৱা নাই ।
কেৱল ইমানেই নহয়, গড়গাঁৱত ৰাজধানী থকাৰ কালত সেই সময়ৰ ৰজাসকলৰ বেছি সংখ্যক ৰজাৰ মৈদাম DOSSIERত উল্লেখ নাই । চাওলুং চুকাফাৰ মৈদামেই অন্তৰ্ভুক্ত হোৱা নাই । অসম চৰকাৰৰ প্ৰত্নতাত্বিক বিভাগে কৰা নাই অন্তৰ্ভুক্ত । এনেদৰে অধিকাংশ ৰজাৰ মৈদাম DOSSIERত অন্তৰ্ভুক্ত নোহোৱাৰ বাবেই চৰাইদেউ বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ আশা নিৰ্বাপিত হ'বলৈ ধৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে সংবাদমেলত (World heritage recognition) ।
চৰাইদেউক বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ পৰা বঞ্চিত কৰিবলৈ এটা চক্ৰই ষড়যন্ত্ৰ কৰা বাবেই মৈদাম অধ্যয়নৰ এক্সপাৰ্ট সকলক বৰ্তমান জৰীপ আৰু আলোচনা কালত এলাগী কৰা হৈছে বুলি সংবাদমেলত অভিযোগ উত্থাপন কৰে ।
লগতে পঢ়ক:etv comment image বিদ্যালয়ত সোমাল চোৰ: বাচি নগ’ল ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ সামগ্ৰীও