অসম

assam

ETV Bharat / state

শিক্ষা বিভাগৰ বিৰুদ্ধে চাওলুং চ্যুকাফাক অৱমাননাৰ অভিযোগ - Chao Lung Sukapha in text book

শিক্ষা বিভাগৰ বিৰুদ্ধে চূড়ান্ত গাফিলতিৰ অভিযোগ (Allegations against education department) । অসম চৰকাৰৰ শিক্ষা বিভাগে অসমীয়া মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা "বৈচিত্ৰ্যময় অসমৰ পৰিশিষ্ট"ত নস্যাৎ বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চ্যুকাফাক ।

negligence of education department
চ্যুকাফাক নস্যাৎ: শিক্ষা বিভাগৰ গাফিলতি

By

Published : Apr 26, 2022, 5:22 PM IST

শিৱসাগৰ,২৬ এপ্ৰিল: শিক্ষা বিভাগৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ শিৱসাগৰৰ সচেতন সমাজৰ (Allegations against education department) । সংবাদমেলযোগে ক্ষোভ প্ৰকাশ শিৱসাগৰৰ সচেতন ৰাইজৰ । অসম চৰকাৰৰ শিক্ষা বিভাগে(Assam Education Department) অসমীয়া মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যপুথি "বৈচিত্ৰ্যময় অসমৰ পৰিশিষ্ট"ত অসমীয়া জাতি গঠনৰ মূল হোতাৰূপে প্ৰথমেই শ্ৰীমন্ত শংকৰদেৱক প্ৰতিষ্ঠা কৰি প্ৰথম আহোম স্বৰ্গদেউ চাওলুং চ্যুকাফাক নসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে (Chao Lung Sukapha in text book)।

এই সন্দৰ্ভত সংবাদ মেল সম্বোধন কৰে শিৱসাগৰৰ সচেতন ৰাইজে । তাই আহোম ছাত্র সন্থাৰ কাৰ্যকৰী সভাপতি বসন্ত গগৈকে প্ৰমুখ্যে কৰি বহু কেইজন সচেতন লোক উপস্থিত থকা এই সংবাদ মেলত চৰকাৰৰ এনে বৈষম্যক লৈ সৰৱ হৈ পৰে ।

সংবাদ মেলত বসন্ত গগৈয়ে কয় যে, শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ অন্যতম হোতা সেয়া প্ৰকৃত সত্য । কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাত সিঁচৰিত হৈ থকা বিভিন্ন জাতি-উপজাতিক (Tribes in Brahmaputra valley) এক ভৌগোলিক সীমাৰ মাজলৈ আনি এক উমৈহতীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল চ্যুকাফাই । যুদ্ধ-সন্ধি আদি বিভিন্ন মাধ্যমৰ মাজেৰে অসম নামৰ এক ভূ-খণ্ডৰ ধাৰণা আৰম্ভ কৰিছিল স্বৰ্গদেউ চ্যুকাফাই ।

চ্যুকাফাক নস্যাৎ: শিক্ষা বিভাগৰ গাফিলতি

তেওঁৰ পদ চিহ্ন অনুসৰণ কৰি পৰৱৰ্তী আহোম স্বৰ্গদেউ সকলে আহোম শাসনৰ তলত বিশাল অসম ৰাজ্য স্থাপন কৰে । কিন্তু উল্লিখিত পাঠ্যপুথিৰ পৰিশিষ্টত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ একমাত্ৰ হোতা শ্ৰীমন্ত শংকৰদেৱ বুলি উল্লেখ কৰি চ্যুকাফাক সম্পূৰ্ণৰূপে নসাৎ কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে শিৱসাগৰৰ সচেতন মহলে ।

এনে কাৰ্য উদ্দেশ্য প্ৰণোদিত আৰু ইয়াৰ দ্বাৰা নতুন প্ৰজন্মক বিপথে পৰিচালিত কৰিব বুলি অভিযোগ আনি পাঠ্যপুথিৰ সম্পাদনা সমিতিক এই পৰিশিষ্টৰ লগতে পাঠ শুদ্ধ আৰু ঐতিহাসিক ভিত্তিত প্ৰস্তুত কৰিবলৈ দাবী জনায় । সংবাদমেলখনত উপস্থিত থাকে যোগ গগৈ, নবীন বুঢ়াগোহাঁই, এম.আই.বড়া, পদ্মা চেতিয়া, ভিকিৰাণী মহন,অভ্যৰ্থনা দত্ত আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্য়ক্তি ।

লগতে পঢ়ক:পেঙেৰীত বন্যহস্তীৰ উপদ্ৰৱ : ভাঙি লণ্ড-ভণ্ড বাসগৃহ

ABOUT THE AUTHOR

...view details