আমগুৰি, 30 আগষ্ট : শিৱসাগৰৰ নামতিত দেওবাৰে সৰ্বদলীয় ৱাৰ্ড প্ৰতিনিধি গণমঞ্চৰ উত্তাল প্ৰতিবাদ সাব্যস্ত ৷ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ(Ranjeet Kumar Das) বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলে ৷ কিয়নো বিগত 27 মাহ ধৰি পঞ্চায়তৰ ৱাৰ্ড সদস্য-সদস্যাই লাভ কৰা নাই মাহেকীয়া পাৰিতোষিক ।
চৰকাৰে পঞ্চায়ত প্ৰতিনিধিসকলৰ 170 কোটি টকা মুকলি কৰি দিছে যদিও বৰ্তমানো পঞ্চায়ত প্ৰতিনিধিৰ হাতত পৰা নাই এই টকা ৷ সেয়েহে 15 দিনৰ ভিতৰত মুকলি কৰি দিয়া চৰকাৰী ধন প্ৰদান কৰিবলৈ দাবী জনাইছে পঞ্চায়ত কৰ্মীসকলে ৷ অন্যথা প্ৰতিখন জিলাতে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আৰু দিছপুৰৰ সচিবালয়ৰ সন্মুখত অনশন কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিয়ে পঞ্চায়ত প্ৰতিনিধিসকলে ৷
সদৌ অসম গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য-সদস্যা, সমন্বয়ৰক্ষী সমিতিৰ শিৱসাগৰ জিলা সমিতি আৰু নাজিৰা সৰ্বদলীয় ৱাৰ্ড প্ৰতিনিধি গণমঞ্চৰ উদ্যোগত নামতিস্থিত নাজিৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ প্ৰাংগণত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ যদি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে পৰৱৰ্তী সময়ত অসমৰ সকলো পঞ্চায়ত সদস্য-সদস্যাই পঞ্চায়তীৰাজ ব্যৱস্থাৰ পৰা অব্যাহতি লোৱাৰ হুংকাৰ প্ৰদান কৰে ৷
ইয়াৰ লগতে পঞ্চায়তসমূহৰ ৱাৰ্ড সদস্যসকলে নাজিৰা উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় সমিতিৰ সভাপতি দিব্যজ্যোতি শইকীয়াৰ সভাপতিত্বত এখন প্ৰতিনিধি সভা অনুষ্ঠিত কৰে ৷ পঞ্চায়তৰ ৱাৰ্ড সদস্য-সদস্যা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি বিমান হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত ভালেকেইগৰাকী ব্যক্তিয়ে বক্তব্য আগবঢ়ায় ৷ উক্ত সভাৰ শেষত সৰ্বসন্মতি ক্ৰমে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
লগতে পঢ়ক:আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত শদিয়াত AJYCPৰ প্ৰতিবাদ