শিৱসাগৰ,23মেঃ শনিবাৰে শিৱসাগৰ নগৰৰ থকা অ এন জি চিৰ ডিবিজি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাৱস্ত্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে। অ এন জি চিৰ কাৰ্যালয়ৰ সন্মুখত সামাজিক দূৰত্ব বৰ্তাই ৰাখি ছাত্ৰ সংগঠনটোৰ একাংশ সদস্যই ভাৰত চৰকাৰৰ পেট্ৰলিয়াম দপ্তৰক ধিক্কাৰ দিয়াৰ লগতে অ এন জি চিকো গৰিহণা দিয়ে ।
তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে শিৱসাগৰত আছুৰ প্ৰতিবাদ - শিৱসাগৰ
ভাৰত চৰকাৰৰ পেট্ৰলিয়াম দপ্তৰে অসমকে ধৰি ভাৰতৰ মুঠ ৪৯ খন তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীক গতাই দিয়াক লৈ সৰৱ হৈ পৰিছে সদৌ অসম ছাত্র সন্থা।

শিৱসাগৰত আছুৰ প্ৰতিবাদ
শিৱসাগৰত আছুৰ প্ৰতিবাদ
বিভিন্ন শ্লগান দি ছাত্ৰ সন্থাই চৰকাৰৰ এনে সিদ্ধান্তক কোনোমতে মানি লোৱা নহব বুলি স্পষ্ট কৰি দিয়াৰ লগতে তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়। দেশত কৰ'ণা ভাইৰাছৰ আতংক চলি থকাৰ সময়ত চৰকাৰে অতি গোপনে এনে সিদ্ধান্ত কাৰ্যকৰী কৰাক লৈ চৰকাৰক তীব্ৰ গৰিহণা দি এনে সিদ্ধান্ত বাতিল নকৰিলে আছুৱে ব্যাপক আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদানকৰে চৰকাৰক ৷
লগতে পঢ়কঃ বিধায়ক মৃনাল শইকীয়াৰ উদ্যোগত মহিলা সৱলীকৰণৰ বিশেষ প্ৰচেষ্টা