অসম

assam

ETV Bharat / state

অখিলৰ বিৰুদ্ধে প্ৰতিবাদ স্থগিত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ - অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

অখিল গগৈৰ বিৰুদ্ধে কৰা প্ৰতিবাদ 17 তাৰিখলৈকে স্থগিত ৰাখিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই ৷ শনিবাৰে পুনৰ অখিল গগৈৰ প্ৰসংগত স্থিতি স্পষ্ট কৰে অনুসূচিত জাতি ছাত্ৰ সন্থাই ।

All Assam Scheduled Caste Students Union
অখিলৰ বিৰুদ্ধে প্ৰতিবাদ স্তগিত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

By

Published : Aug 14, 2021, 6:33 PM IST

শিৱসাগৰ, 14 আগষ্ট : 17 তাৰিখলৈকে অখিল গগৈৰ বিৰুদ্ধে কৰা প্ৰতিবাদ স্থগিত ৰাখিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই ৷ কিছুদিন পূৰ্বে অনুসূচিত জাতিৰ প্ৰতি বিৰূপ মন্তব্য কৰি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ৰোষৰ বলি হৈছিল বিধায়ক অখিল গগৈ (Akhil Gogoi) । যাৰ বাবে শিৱসাগৰ নগৰত বিধায়ক গৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰিছিল অনুসূচিত জাতি ছাত্ৰ সন্থাই ।

অখিলৰ বিৰুদ্ধে প্ৰতিবাদ স্তগিত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

কিন্তু এতিয়াও অখিল গগৈয়ে অনুসূচিত জাতিক ক্ষমা নোখোজাক লৈ পুনৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সংগঠনটো । শনিবাৰে পুনৰ অখিল গগৈৰ প্ৰসংগত স্থিতি স্পষ্ট কৰে সংগঠনটোৰ বিষয়ববীয়া সকলে । অহা ১৭ আগষ্ট তাৰিখে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সৈতে আলোচনালৈ আহি যদি অখিল গগৈয়ে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা নোখোজে তেন্তে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি স্পষ্ট কৰি দিছে সংগঠনটোৱে ।

লগতে পঢ়ক:ছিণ্ডিকেট ৰাজক লৈ সৰৱ হৈছে দেৱলাল গাৰ্লচা

অখিল গগৈৰ বিৰুদ্ধে ধৰাবাহিকভাৱে প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰিছি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই ৷ প্ৰতিবাদৰ প্ৰতি সন্মান জনাইয়ে অখিল গগৈয়ে অহা 17 তাৰিখে সংগঠনটোৰ বিষয়ববীয়া লগত এক আলোচনাত মিলিত হোৱাৰ কথা প্ৰকাশ কৰিছিল ৷

ইয়াৰ পাচতে সংগঠনটোৱে অখিলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ উল্লেখ্য যে, বিগত নিৰ্বাচনত অনুসূচিত জাতি ছাত্ৰ সন্থাই অখিল গগৈৰ সমৰ্থনত এক ব্যাপক ভূমিকা পালন কৰিছিল । তাৰ পাছত অখিল গগৈৰ সৈতে সংগঠনটোৰ এই সংঘাত এক ৰাজনৈতিক কাৰচাজি বুলিও মত প্ৰকাশ কৰিছে বিভিন্ন মহলে ।

লগতে পঢ়ক:ড৹ হিমন্ত বিশ্ব শৰ্মালৈ অনন্ত শয্যা উপহাৰ নলবাৰী এগৰাকী ব্যক্তিৰ

ABOUT THE AUTHOR

...view details