আমগুৰি, ৯ ফেব্ৰুৱাৰী:অংকীয়া ভাওনাক অসমীয়া জাতিৰ প্ৰাণপ্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱে প্ৰতিষ্ঠা কৰা সত্ৰীয়া সংস্কৃতিৰ সোণসেৰীয়া ঐতিহ্যৰ অন্যতম সৃষ্টি হিচাপে গন্য় কৰি অহা হৈছে (Mahapurush Srimanta Sankaradeva)। ৰাজ্য়ৰ বিভিন্ন ঠাইত মহাপুৰুষ দুগৰাকীৰ এই অমৰ সৃষ্টিক জীয়াই ৰাখিবলৈ সকলোৱে ভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ভাওনা-সবাহ অসমীয়া জাতিৰ পৰিচয় স্বৰূপ বুলি গন্য় কৰাৰ মূলতে হৈছে অসমীয়াৰ কলা-সংস্কৃতি নিহিত হৈ থকা উপাদান । এই কৃষ্টিক জীয়াই ৰাখিবলৈ ৰাজ্য়ৰ বিভিন্ন ঠাইত আয়োজন কৰি অহা হৈছে ভাওনা সমাৰোহৰ । নামতিৰ ঐতিহাসিক খৰাগড়ত যোৱা ৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে সদৌ অসম ভাওনা প্ৰতিযোগিতা (All Assam Bhaona Competition at Namoti) ।
শিৱসাগৰ জিলাৰ নামতিৰ খৰাগড়ত ৭ দিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ (Bhaona at Namoti in Sivasagar)। খঁৰাগড়ৰ খামদৈ কুঁৱৰী সমন্বয় ক্ষেত্ৰত খঁৰাগড় আঞ্চলিক কলা কৃষ্টি কেন্দ্ৰৰ উদ্যোগত সপ্তাহজোৰা কাৰ্যসূচীৰে যোৱা ৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত সদৌ অসম ভাওনা প্ৰতিযোগিতাক লৈ সৃষ্টি হৈছে এক উখল-মাখল পৰিৱেশৰ । এই প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ১২ টা নিৰ্বাচিত দলে অংশগ্ৰহণ কৰিছে ।