শিৱসাগৰৰ,23 এপ্ৰিল : শিৱসাগৰৰ মুখ্য কাৰ্যলয়ত ঐক্য সেনা অসমৰ সংবাদ মেল ৷ সংবাদ মেল সম্বোধন কৰি ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাই কভিড-১৯ ৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আগন্তক স্নাতক পৰ্য্যায়ৰ সকলো পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জনায় ৷ তাৰোপৰি ৰাজ্যত ক’ভিডৰ পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্য্যন্ত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনায় ৷
অনলাইন যোগে পৰীক্ষা অনুষ্ঠিত কৰাৰ আহ্বান জনালে ঐক্য সেনা অসমে - কেন্দ্ৰীয় সাধাৰন সম্পাদক ফৰিদ ইচলাম হাজৰিকা
ঐক্য সেনা অসমৰ সংবাদ মেল ৷ কভিড-১৯ ৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতক পৰ্য্যায়ৰ সকলো পৰীক্ষা বাতিল কৰিবলৈ আহ্বান ৷ শেহতীয়া ক’ভিডৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে অফলাইনৰ পৰিৱৰ্তে অনলাইন যোগে পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা সংগঠনটোৰ ৷
![অনলাইন যোগে পৰীক্ষা অনুষ্ঠিত কৰাৰ আহ্বান জনালে ঐক্য সেনা অসমে akkya sena assam demand online exam insted of ofline exam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11509720-thumbnail-3x2-img.jpg)
অনলাইনযোগে পৰীক্ষা অনুষ্ঠিত কৰাৰ আহ্বান ঐক্য সেনা অসমৰ
অনলাইনযোগে পৰীক্ষা অনুষ্ঠিত কৰাৰ আহ্বান ঐক্য সেনা অসমৰ
পৰীক্ষা অনুষ্ঠিত কৰাক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আকোৰগোজ মনোভাৱক সমালোচনা কৰি সম্পাদক গৰাকীয়ে কয় যে, ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালী খেলা বন্ধ কৰক ৷ ক’ভিড-19 ত কোনো শিক্ষাৰ্থী আক্ৰান্ত হ’লে তাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ দায়ী হ’ব ৷ শেহতীয়া ক’ভিডৰ ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সংগঠনটোয়ে অফলাইনৰ পৰিৱৰ্তে অনলাইনৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লবলৈ কৰ্তৃপক্ষক আহ্বান জনায় ৷
লগতে পঢ়ক :পুনৰ বৰপেটাত এগৰাকী ক'ৰণাক্ৰান্তৰ মৃত্যু