অসম

assam

By

Published : Jan 7, 2021, 6:12 PM IST

ETV Bharat / state

অখিল গগৈৰ জামিন নাকচ: প্ৰতিক্ৰিয়া শিৱসাগৰত

বৃহস্পতিবাৰে কৃষক নেতা অখিল গগৈৰ জামিন নাকচৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ অনিৰ্দিষ্টকাললৈ কৃষক নেতা গৰাকীক পুনৰ কাৰাৰুদ্ধ কৰাৰ পাচতে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে শিৱসাগৰৰ বিভিন্ন দল-সংগঠনে ৷

Akhil Gogoi's bail denied: Reaction at Sivsagar
অখিল গগৈৰ জামিন নাকচ: প্ৰতিক্ৰিয়া শিৱসাগৰত

শিৱসাগৰ, 7 জানুৱাৰী: কৃষক নেতা অখিল গগৈৰ জামিন নাকচৰ পাচতে প্ৰতিবাদ মুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ অনিৰ্দিষ্টকাললৈ কৃষক নেতা অখিল গগৈক পুনৰ কাৰাৰুদ্ধ কৰাৰ পাচতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে ৷ একেটা গোচৰতে আটক কৰা আন তিনিজনক কাৰাগাৰৰ পৰা মুকলি কৰাৰ পাচতো অখিল গগৈক কি কাৰনে কাৰাৰুদ্ধ কৰি ৰাখিছে তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে সকলোৰে ৷ কিহৰ আলম লৈ এজন বিপ্লৱীক এনেদৰে কাৰাবন্দী কৰি ৰাখিছে বুলিও প্ৰশ্ন কৰাৰ লগতে শিৱসাগৰতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

অখিল গগৈৰ জামিন নাকচ: প্ৰতিক্ৰিয়া শিৱসাগৰত

বিভিন্ন দল-সংগঠনৰ প্ৰশ্ন 21 ৰ নিৰ্বাচনত গাদী যোৱাৰ ভয়ত কম্পমান নেকি গেৰুৱা চৰকাৰখন ? নে অখিল গগৈৰ কন্ঠক অন্ধকাৰ কুঠৰীত ৰাখি নিৰ্বাচনী বৈতৰনী পাৰ হোৱাৰ আশা পুহি ৰাখিছে মোডী বাহিনীয়ে ? এনে বহু প্ৰশ্নৰ উত্থাপন কৰি শীঘ্ৰে অখিল গগৈক মুকলি কৰাৰ দাবী উত্থাপন কৰিছে শিৱসাগৰৰ বিভিন্ন দল-সংগঠনৰ লগতে বুদ্ধিজিৱী,অধিবক্তা সকলে ৷

লগতে পঢ়ক:অখিল গগৈৰ জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব কৃষক মুক্তি সংগ্ৰাম সমিতি

ABOUT THE AUTHOR

...view details