অসম

assam

ETV Bharat / state

শিৱসাগৰত বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ ল’লে বিধায়ক অখিল গগৈয়ে - শিৱসাগৰত উপস্থিত অখিল গগৈ

সোমবাৰে পুৱা শিৱসাগৰ জিলাৰ ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ দিচাংমুখ গাঁও পঞ্চায়তত উপস্থিত হৈ বানাক্ৰান্ত লোকসকলৰ সমস্যাৰ বুজ লয় সমষ্টিটোৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে (Akhil Gogoi in Sivasagar ) ৷ বিধানসভা সমষ্টিটোৰ অন্তৰ্গত ১০খন গাঁৱত খাদ্য যোগান ধৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে (Flood relief in Sivasagar) ।

শিৱসাগৰত বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ ললে বিধায়ক অখিল গগৈ
akhil-gogoi-visited-flooded-area-in-sivasagar

By

Published : Jun 20, 2022, 3:09 PM IST

শিৱসাগৰ, 20 জুন : ৰাজ্যজুৰি অব্যাহত আছে জল প্ৰলয় (Assam flood 2022) ৷ বিগত প্ৰায় পোন্ধৰ দিন ধৰি ৰাজ্যখনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ লগতে ইয়াৰ উপনৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলাখনৰো বিভিন্ন অঞ্চল বানত প্লাবিত হৈছে ৷ বানৰ প্ৰকোপত ইতিমধ্যে গৃহহাৰা হৈ আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিছে 10 খনকৈ গাঁৱৰ লোকে ৷ পোহনীয়া জীৱ-জন্তুৰ লগতে বানাক্ৰান্ত লোকসকলে একেলগে মথাউৰিত থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷

সোমবাৰে পুৱা শিৱসাগৰ জিলাৰ ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ দিচাংমুখ গাঁও পঞ্চায়তত উপস্থিত হৈ বানাক্ৰান্ত লোকসকলৰ সমস্যাৰ বুজ লয় সমষ্টিটোৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে (Akhil Gogoi in Sivasagar ) ৷

শিৱসাগৰত বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ ল’লে বিধায়ক অখিল গগৈয়ে

সংবাদ মাধ্যমৰআগত সভাপতি গৰাকীয়ে উল্লেখ কৰে যে সম্প্ৰতি বিধানসভা সমষ্টিটোৰ অন্তৰ্গত ১০ খন গাঁৱত খাদ্য যোগান ধৰিব লগীয়া হৈছে (Flood relief in Sivasagar) । ইতিমধ্যে বানত আক্ৰান্ত হোৱা এই গাঁওসমূহলৈ প্ৰশাসনৰ তৰফৰ পৰা খাদ্য যোগান ধৰিবৰ বাবে শিৱসাগৰ জিলা উপায়ুক্তৰ লগতে চক্ৰ বিষয়াক নিৰ্দেশ দিছে বিধায়কগৰাকীয়ে ৷

বিধায়কগৰাকীয়ে প্ৰত্যেকখন গাঁৱৰ বানপীড়িতৰ কাষলৈ যোৱাৰ চেষ্টা কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ যাতে বানত আক্ৰান্ত প্ৰতিটো পৰিয়ালে খাদ্য সামগ্ৰী লাভ কৰিবলৈ সক্ষম হয় । বতৰ্মান ৰাইজৰ দলৰ কৰ্মীসকলে বিভিন্ন অঞ্চলত বানপীড়িতসকলৰ সমস্যাৰ বুজ লৈছে ৷

ইতিমধ্যে দিচাংমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত লিগিৰিবাৰী এন.চি, (বাহিৰ লিগিৰিবাৰী-টিযংৰবস্তী-জাহাজঘাট), অফলা এন.চি,, আলিছিগা, জগৰাহাবী, মামল গড়ভগা, চৰাইপৰা, বলমা আদি গাঁৱৰ লগতে শান্তিপুৰ গাঁও পঞ্চায়তৰ ফুকনফদীয়া আৰু গোৱালগাঁও সৰাগুৰিত খাদ্য সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে বুলি বিধায়ক অখিল গগৈয়ে মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক:Assam Flood 2022: নিশা ধেমাজিত উপায়ুক্তৰ সৈতে বৈঠকত মিলিত হ’ল মন্ত্ৰী সঞ্জয় কিষাণ

ABOUT THE AUTHOR

...view details