সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে প্ৰতিবাদ আমগুৰি, ২৬ জুন:ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পাচৰে পৰা ক্ৰমাৎ ৰাজ্যজুৰি আৰম্ভ হৈছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ ৷ বৰাকৰ বিৰোধী বিধায়কসকলে 27 জুনত বৰাক বন্ধৰ দাবী জনোৱাৰ সমান্তৰালভাৱে উজনি অসমৰ শিৱসাগৰ জিলাৰ 103 নং আমগুৰি সমষ্টিটো দেখা গৈছে ৰাইজৰ ব্যাপক প্ৰতিবাদ ৷
উল্লেখ্য যে, খচৰাত উল্লিখিত প্ৰস্তাৱ অনুসৰি 103 নং আমগুৰি সমষ্টিটোৰ বিলুপ্তি ঘটনাই নাজিৰা আৰু সোণাৰি সমষ্টিৰ সৈতে একত্ৰিত কৰা হ’ব ৷ যাক লৈ ক্ষোভিত হৈ পৰিছে সমষ্টিটোৰ ভোটাৰসকল ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে নিয়মীয়াভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অহা আমগুৰিৰ ৰাইজে সমষ্টিটো ধৰি ৰখাৰ বাবে প্ৰয়োজনত তেজ দিবলৈও সাজু বুলি উল্লেখ কৰিছে ৷
সোমবাৰে ৰূপায়ন কৰা এক প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা দেখা যায় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক ৷ খচৰা প্ৰকাশৰ দিনাৰ পৰাই ইয়াৰ বিৰোধিতা কৰি আহিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ৷ তেওঁ সাংবাদিকৰ আগত মত প্ৰকাশ কৰি কয় যে, ৰাজ্য়ত প্ৰতিবাদ শূন্য কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজকে সম্ৰাট বুলি ভাবিবলৈ আৰম্ভ কৰিছে ।
শাসনাধিষ্ঠিত গেৰুৱা দলটোক সমালোচনা কৰি অখিল গগৈয়ে কয় যে, বিজেপিয়ে যিমানেই সমষ্টি পুনঃনিৰ্ধাৰণ বা বিলুপ্ত নকৰক কিয়, ২০২৪ ৰ লোকসভা নিৰ্বাচন আৰু ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বৃহৎ পৰাজয়ৰ সন্মুখীন হ’ব গেৰুৱাবাহিনী । বৰ্তমান সমগ্ৰ দেশতে বিজেপিৰ বিৰুদ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌ আৰম্ভ কৰিছে । গতিকে বিজেপিক এইবোৰ কৌশলে ৰক্ষা কৰিব নোৱাৰিব ৷
লগতে পঢ়ক:Indigenous People of Myung Dong Chun Kha : সমষ্টি পুনৰ নিৰ্ধাৰণ খিলঞ্জীয়াৰ পৰিপন্থী
প্ৰতিবাদত অংশগ্ৰহণ কৰি আমগুৰি সমষ্টি বিলুপ্তকৰণৰ সিদ্ধান্তৰ বাবে শাসকীয় দলক সমালোচনা বিধায়কগৰাকীৰ । খিলঞ্জীয়াৰ সমষ্টি বিলুপ্তকৰণৰ যোগেৰে কেনেদৰে বিজেপি চৰকাৰে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা কৰিব বুলি তেওঁ প্ৰশ্ন কৰে । আমগুৰি সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে অহা ১১ জুলাই তাৰিখে নিৰ্বাচনী বিষয়াৰ সন্মুখত আমগুৰিবাসীক প্ৰতিবাদ জনোৱাৰ বাবে আহ্বান বিধায়কগৰাকীৰ ।
তেওঁ লগতে কয় যে, আঞ্চলিকতাবাদ ধ্বংস কৰাৰ বাবে বিজেপিয়ে সমষ্টি বিলুপ্তকৰণক সমৰ্থন দি ভোটৰ পেটাৰ্ণ বদলি কৰি গাদী নিষ্কণ্টক কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে । ৩০ জুন তাৰিখে বিৰোধীদল সমূহে আমগুৰি সমষ্টি ভ্ৰমণ কৰিব । গুৱাহাটীত উপস্থিত হ’বলগীয়া অভিযোগ গ্ৰহণ প্ৰক্ৰিয়াত নিৰ্বাচনী বিষয়াৰ সন্মুখত আমগুৰিৰ হাজাৰ হাজাৰ ৰাইজক প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে আহ্বান অখিল গগৈৰ ।