শিৱসাগৰ, 23 নৱেম্বৰ: অসম-মেঘালয় সীমান্তত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে(Akhil Gogoi reactions on Assam Meghalaya border conflict) । আজি এখন সংবাদমেলত(Akhil Gogoi press meet) ভাগ লৈ সমগ্ৰ ঘটনাটোত সন্দৰ্ভত অসম চৰকাৰৰ স্থিতি অতি দুৰ্ভাগ্যজনক বুলি আক্ষেপ প্ৰকাশ কৰে ৰাইজৰ দলৰ বিধায়কজনে । ঘটনাৰ সমস্ত দোষ অসম চৰকাৰে কেৱল অসম আৰক্ষীৰ ওপৰত জাপি দি গুজৰাট নিৰ্বাচনত ব্যস্ত হৈ পৰিছে বুলি সংবাদমেলখনত কয় অখিল গগৈয়ে ।
এছ পি গৰাকীক বদলি কৰাৰ লগতে অ'চিজনক নিলম্বনৰ কাৰণ স্পষ্ট কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় ৰাইজৰ দলৰ বিধায়কজনে । অসমৰ মুখ্যমন্ত্ৰীৰ লগতে কোনো কেবিনেট মন্ত্ৰী এই পৰ্যন্ত ঘটনাস্থলীলৈ যোৱা নাই বুলি সমালোচনা কৰি শাসনাধিষ্ঠিত দলটোক তীক্ষ্ণ সমালোচনা কৰে অখিল গগৈয়ে । হেলিকপ্টাৰত উঠি বিয়া খাবলৈ যোৱা মুখ্যমন্ত্ৰীজনে ঘটনাস্থলীলৈ যাবলৈ আহৰি পোৱা নাই বুলিও বিধায়কজনে কটাক্ষ কৰে ।
দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হোৱা অসমৰ গৃহৰক্ষী জোৱানক শ্বহীদ ঘোষণা কৰিবৰ বাবে সংবাদমেল যোগে দাবী জনাই ৰাইজৰ দল তথা বিধায়ক অখিল গগৈয়ে । দিল্লীৰ ওচৰত নতজানু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিবৰ্তে অসম আৰক্ষীৰ ওপৰত গুণ্ডাগিৰি কৰিছে বুলিও তেওঁ কয় । অসমত ড° হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন চলোৱা বুলি উল্লেখ কৰাৰ লগতে ৰাজ্যৰ প্ৰতিগৰাকী মন্ত্ৰী-বিধায়ককে ক্ষমতাহীন কৰি পেলাইছে বুলি সংবাদমেলখনত কয় বিধায়ক অখিল গগৈয়ে ৷