অসম

assam

By

Published : Jan 6, 2023, 6:36 PM IST

Updated : Jan 6, 2023, 7:00 PM IST

ETV Bharat / state

Akhil Gogoi Press Conference : উজনিৰ সমষ্টি বিলুপ্ত কৰি কেনেদৰে খিলঞ্জীয়াক সুৰক্ষা দিব ? অখিল গগৈৰ প্ৰশ্ন

সমষ্টি পুনৰ নিৰ্ধাৰণে সমস্যাৰহে সৃষ্টি কৰিব । উজনিৰ তিনিটাকৈ সমষ্টি বিলোপ কৰি কেনেদৰে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব চৰকাৰে ? আমগুৰি সমষ্টি কৰ্তন কৰাৰ সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ'ব (Akhil Gogoi reacted on constituency delimitation) । শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰীপাৰৰ ৰুদ্ৰসিংহ উদ্যানত সংবাদমেলত এই মন্তব্য বিধায়ক অখিল গগৈৰ ।

Akhil Gogoi
Akhil Gogoi

উজনিৰ সমষ্টি বিলুপ্তিকৰণৰ সিদ্ধান্তত ক্ষোভিত অখিল

শিৱসাগৰ, ৬ জানুৱাৰী : সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ চৰকাৰক তীব্ৰ সমালোচনা অখিল গগৈৰ (Akhil Gogoi criticized Assam Govt) । উজনিৰ তিনিটাকৈ সমষ্টি বিলোপ কৰি কেনেদৰে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব চৰকাৰে ? চৰকাৰলৈ এই প্ৰশ্ন অখিল গগৈৰ (Akhil Gogoi criticized constituency delimitation) । শুকুৰবাৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণে সমস্যাৰহে সৃষ্টি কৰিব ।

উল্লেখ্য, অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত উজনি অসমৰ তিনিটা বিধানসভা সমষ্টি কৰ্তন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে (constituency delimitation in upper Assam) । শিৱসাগৰ, গোলাঘাট আৰু ডিব্ৰুগড় জিলাত কৰ্তন হ'ব তিনিটাকৈ সমষ্টি । কিন্তু উজনিত সমষ্টি কৰ্তন কৰি কেনেকৈ চৰকাৰে খিলঞ্জীয়াক সুৰক্ষিত কৰিব সেয়া বুজি পোৱা নাই বুলি মন্তব্য কৰে অখিল গগৈয়ে । তেওঁৰ স্পষ্ট মতে, উজনিত সমষ্টি কৰ্তনৰ জৰিয়তে কোনোপধ্যেই খিলঞ্জীয়া সুৰক্ষিত নহয় ।

আনহাতে, আমগুৰি সমষ্টি কৰ্তন কৰিবলৈ লোৱা সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ'ব বুলিও হুংকাৰ দিয়ে অখিল গগৈয়ে (Raijor Dal president Akhil Gogoi) । লগতে সংবাদমেলত শিৱসাগৰ, গোলাঘাট আৰু ডিব্ৰুগড় জিলাৰ সমষ্টি কৰ্তন কৰা বন্ধ কৰিবলৈ চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰাৰো আহ্বান জনায় ৰাইজৰ দলৰ নেতাগৰাকীয়ে । প্ৰয়োজনত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰি সমষ্টি কৰ্তন নকৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনাব লাগে বুলিও তেওঁ উল্লেখ কৰে ।

এই সন্দৰ্ভত শাসকীয় দলক সৰ্বদলীয় বৈঠকৰ আহ্বান জনাবলৈ তেওঁ কয় । ইয়াৰ উপৰি অসম বিধানসভাত বিশেষ অধিবেশন অনুষ্ঠিত কৰি উজনিত যাতে সমষ্টি কৰ্তন কৰা নহয় সেই বিষয়ত আলোচনা কৰাৰো তেওঁ দাবী জনায় । তেওঁৰ প্ৰশ্ন, জনসংখ্যা বৃদ্ধি কৰি সমষ্টি কৰ্তনৰ সিদ্ধান্ত বাতিল কৰিব লাগিব নেকি ? প্ৰসংগক্ৰমে তেওঁ খিলঞ্জীয়াৰ ৰাজনৈতিক, সামাজিক অধিকাৰ সুৰক্ষিত কৰিবলৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈ দাবী জনায় ।

আনহাতে, সমাগত ভোগালী বিহু উপলক্ষে ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত ৰুদ্ৰসিংহ উদ্যানত ভোগালী উৎসৱৰ আয়োজন সম্পৰ্কে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে । উল্লেখ্য, ন-ৰূপত সুন্দৰকৈ সজাই তোলা ৰুদ্ৰসিংহ উদ্যানত অহা ১৪ আৰু ১৫ জানুৱাৰীত পৰ্যটকসকলক আকৰ্ষিত কৰিব পৰাকৈ বিভিন্ন পৰম্পৰাগত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ।

Last Updated : Jan 6, 2023, 7:00 PM IST

ABOUT THE AUTHOR

...view details