অসম

assam

Akhil Gogoi Promises to Sivasagar : শিৱসাগৰ চহৰবাসীক কি কি প্ৰতিশ্ৰুতি অখিল গগৈৰ ?

By

Published : Jan 29, 2022, 6:06 PM IST

শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত বিজেপি চৰকাৰে বাধা দি আহিছে ৷ যদিহে আগন্তুক পৌৰসভা নিৰ্বাচনত ৰাইজে ৰাইজৰ দলক নিৰ্বাচিত কৰে, দুমাহৰ ভিতৰত অসমৰ ভিতৰতে পৰিস্কাৰ চহৰৰূপে জিলিকাই তুলিব শিৱসাগৰক(Akhil Gogoi Promises to Sivasagar) ৷ গৃহসমষ্টিত উপস্থিত হৈ এই মন্তব্য বিধায়ক অখিল গগৈৰ (Akhil Gogoi in Sivasagar)৷

Akhil Gogoi Promise
দুমাহৰ ভিতৰত পৰিস্কাৰ চহৰৰূপে জিলিকাই তুলিব শিৱসাগৰক

শিৱসাগৰ, 29 জানুৱাৰী: ৰাজ্যৰ অন্য সমষ্টিত কাম হোৱা নাই যদিও অখিল গগৈয়ে বিধানসভাত লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাৰে বহুকেইটা কাম অসম চৰকাৰৰ পৰা আদায় কৰা বুলি দাবী কৰিলে ৷ আগন্তুক পৌৰসভা নিৰ্বাচনৰ লক্ষ্য আগত লৈ দুটাকৈ প্ৰতিশ্ৰুতি দিলে শিৱসাগৰৰ বিধায়গৰাকীয়ে (Akhil Gogoi Promises to Sivasagar)৷

পৌৰসভা নিৰ্বাচনত ৰাইজৰ দলে জয়লাভ কৰিলে ৰাজ্যৰ ভিতৰতে শিৱসাগৰ নগৰক জিলিকাই তোলাৰ প্ৰতিশ্ৰুতি বিধায়ক অখিল গগৈৰ ৷ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিধায়ক পুঁজি (২০২১-২০২২)বৰ্ষৰ ১,৪০,৮৮৫ টকা ব্যয়েৰে শনিবাৰে নপাম গাঁৱৰ ১০ নং ৱাৰ্ড আৰু বনফুল নগৰৰ ৯ নং ৱাৰ্ডৰ কমলালয়া হাইস্কুল চাৰিআলিৰ পৰা দিখৌ দলঙৰ লৈকে ষ্ট্ৰীট লাইট সংযোগী কামৰ শুভাৰম্ভ কৰে অখিল গগৈয়ে (Development in Sivasagar constituency) ৷

দুমাহৰ ভিতৰত পৰিস্কাৰ চহৰৰূপে জিলিকাই তুলিব শিৱসাগৰক

১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অভিযোগ উথাপন কৰি কয় যে, সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত বিজেপি চৰকাৰে যথেষ্ট বাধা আৰোপ কৰি আহিছে । তথাপিও নিজৰ বিধায়ক পুঁজিৰ পৰা ব্যয় কৰি আজি ষ্ট্ৰীট লাইটৰ শুভাৰম্ভ অনুষ্ঠানত আৰ আই ডি এফৰ দুটা পেকেজৰ অধীনত মানকাটা তিনিআলিৰ পৰা পহুগড়লৈকে এক কিলোমিটাৰ তিনিশ মিটাৰ দৈৰ্ঘ্য আৰু আনটো দুবৰণি আলিৰ পৰা পুৰণি পুখুৰীলৈ তিনি কিলোমিটাৰ পাঁচশ বিশ মিটাৰ দৈৰ্ঘ্যৰ কাম অহা দুদিনত আৰম্ভ কৰা হ'ব বুলি বিধায়কজনে জানিবলৈ দিয়ে ।

বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিশ্ৰুতি দি কলে, যদি আগন্তুক শিৱসাগৰ পৌৰসভা নিৰ্বাচন(Municipal Election in Sivasagar)ত নগৰৰ ৰাইজে ৰাইজৰ দলক আদৰি লয় তেন্তে দুমাহৰ ভিতৰত পৰিষ্কাৰ নগৰ আৰু ছমাহৰ ভিতৰত বিশুদ্ধ খোৱাপানীৰ যোগান দিয়াৰ ব্যৱস্থা কৰিব । পৌৰসভা নিৰ্বাচনত ৰাইজৰ দলে জয়লাভ কৰিলে ৰাজ্যৰ ভিতৰত শিৱসাগৰ নগৰক জিলিকাই তোলাৰ প্ৰতিশ্ৰুতিক এতিয়া ৰাইজে কেনেদৰে লয় সেইয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক:Budget Session: বাজেট অধিৱেশনৰ পূৰ্বে ৰাজ্যসভাৰ সদস্যসকলৰ বাবে প্ৰকাশ আচৰণ বিধি

ABOUT THE AUTHOR

...view details