অসম

assam

ETV Bharat / state

চৰকাৰে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ ব্যৱস্থা লওক : অখিল - Himanta Biswa Sarma

শিৱসাগৰত মঙলবাৰে এক সংবাদমেল (Pressmeet) সম্বোধন কৰি শ্বহীদ জোৱান কেইগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন বিধায়ক অখিল গগৈ (Akhil Gogoi)ৰ ৷ সমগ্ৰ কাণ্ডত মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰ দোষী বুলি অভিযোগ তোলে বিধায়কগৰাকীয়ে ৷

akhil gogoi pressmeet
অখিল গগৈৰ সংবাদমেল

By

Published : Jul 28, 2021, 4:35 PM IST

শিৱসাগৰ, 28 জুলাই : শিৱসাগৰৰ আৱৰ্ত ভৱনত মঙলবাৰে এক সংবাদমেল (Pressmeet) সম্বোধন কৰি অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত হোৱা কাণ্ডক তীব্ৰ গৰিহণা দিয়ে বিধায়ক অখিল গগৈ (Akhil Gogoi)য়ে ৷ অসম আৰক্ষী (Assam Police)ৰ শ্বহীদ জোৱান কেইগৰাকীলৈ মৌন প্ৰার্থনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্ৰীৰ মূর্খামিৰ বাবেই জোৱান কেইগৰাকীয়ে হেৰুৱাব লগা হয় বুলি অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক এগৰাকী সৰ্বকালৰ ব্যৰ্থ মুখ্যমন্ত্ৰী হিচাপে আখ্যা দিয়ে অখিল গগৈয়ে ৷

মিজোৰামৰ লগত সকলো অৰ্থনৈতিক চুক্তি বাতিল কৰি অসম ভূমিৰে চলাচল বন্ধ কৰাৰ কথা উল্লেখ কৰে বিধায়ক গগৈয়ে । তেওঁ কয় যে, এই বৰ্বৰ কাণ্ডৰ পাচত মুখ্যমন্ত্ৰীয়ে কঠোৰতম ব্যৱস্থা ল’ব লাগে ৷ অন্যথা মুখ্যমন্ত্ৰীয়ে পদত্যগ কৰা উচিত । ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কেৱল টুইটাৰ যুদ্ধৰ বাহিৰে আৰু বেলেগ একো ব্যৱস্থা দেখা নাই বুলিও তেওঁ অভিহিত কৰে ।

অখিল গগৈৰ সংবাদমেল

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এগৰাকী দুৰ্বল মুখ্যমন্ত্ৰী ৷

মুখ্যমন্ত্ৰীয়ে পাতলীয়া কথা কৈ কেৱল মুখ চুপতি মাৰি আছে । মিজোৰামে অসমৰ তিনিখন জিলাৰ 11 হাজাৰ হেক্টৰ মাটি দখল কৰিছে ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী নিমাত কিয় বুলি সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে অখিল গগৈয়ে ৷ ইয়াৰোপৰি অসম কন্যা লাভলীনা বৰগোহাঁই (Lovlina Borgohain)লৈও তেওঁ শুভেচ্ছা জ্ঞাপন কৰে ৷

লগতে পঢ়ক :ৰাসায়নিক সাৰ বিতৰণত অনিয়ম হোৱাৰ কথা স্বীকাৰ কৃষিমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details