অসম

assam

ETV Bharat / state

গাখীৰেৰে গা ধুলেও থাওৰাত জয়ী হ'ব নোৱাৰে সুশান্ত বৰগোহাঁই : অখিল গগৈ - অখিল গগৈ

গাখীৰেৰে গা ধুলেও থাওৰাত সুশান্ত বৰগোহাঁই জয়ী হ'ব নোৱাৰে বুলি কিয় মন্তব্য কৰিলে অখিল গগৈয়ে ৷ অখিল গগৈৰ ৰাইজৰ দল সন্দৰ্ভত কি ৰণনীতি বিজেপিৰ ৷ সবিশেষ জানো আহক

akhil-gogoi-criticized-sushanta-borgohain
গাখীৰেৰে গা ধুলেও থাওৰাত জয়ী হ'ব নোৱাৰে সুশান্ত বৰগোহাঁই : অখিল গগৈ

By

Published : Sep 14, 2021, 9:18 PM IST

মৰাণ, 14 ছেপ্টেম্বৰ :উপ-নিৰ্বাচক কেন্দ্ৰ কৰি থাওৰা সমষ্টিত এতিয়া বলিছে এজাক গৰম ৰাজনৈতিক বতাহ । এফালে বিজেপিৰ মন্ত্ৰী-বিধায়ক আৰু প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁয়ে ৰাইজৰ দলৰ সভাপতি অখিল গগৈক তীব্ৰ সমালোচনা কৰিছে । ইয়াৰ লগতে প্ৰতিদিনে থাওৰাত কেবিনেট মন্ত্ৰী( cabinet ministers)ৰ উপস্থিতিত ৰূপায়ন কৰা হৈছে এটাৰ পাছত আন এটা আধাৰশিলা স্থাপনৰ কাম ।‌

ইয়াৰোপৰি ৰাইজৰ দলে যাতে কোনো কাৰণে থাওৰা সমষ্টিৰ ৰাইজৰ মন জয় কৰিব নোৱাৰে তাৰ বাবে চেষ্টা কৰিছে শাসক দল বিজেপিয়ে । পিছে শান্ত হৈ ৰোৱা নাই অখিল গগৈ( Akhil Gogoi ) তথা ৰাইজৰ দলো( Raijor dal ) ৷ বিজেপিৰ ইটোৰ পিছত সিটো আক্ৰমণৰ পাছতে মুখ খুলিছে অখিল গগৈয়ে । সোমবাৰে, থাওৰাৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ গৈ সুশান্ত বৰগোহাঁইক আক্ৰমণৰ লক্ষ্য কৰি লয় গগৈয়ে ৷

গাখীৰেৰে গা ধুলেও থাওৰাত জয়ী হ'ব নোৱাৰে সুশান্ত বৰগোহাঁই : অখিল গগৈ

সুশান্ত বৰগোহাঁয়ে গাখীৰেৰে গা ধুলেও এইবাৰ নিৰ্বাচনত জয়ী হ'ব নোৱাৰে বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে ।‌

উপ- নিৰ্বাচন( by election)ৰ পূৰ্বে থাওৰা বিধানসভা সমষ্টিত ৰাজনৈতিক চমক দিবলৈ আধাৰশিলা স্থাপন কৰি বিজেপি দলৰ নেতা-মন্ত্ৰীক লগত লৈ সমষ্টি দখলৰ যিমানেই নাটক নকৰক কিয় কিন্তু এইবাৰ ৰাইজে বিশ্বাসঘাতক সুশান্ত বৰগোহাঁইক শিক্ষা দিব বুলি মন্তব্য কৰে অখিল গগৈয়ে । মুঠৰ ওপৰত থাওৰাত এতিয়া ৰাজনৈতিক নেতাৰ বাকযুদ্ধই ৰাজনৈতিক পৰিবেশ গৰম কৰি তুলিছে ।

লগতে পঢ়ক :নামভৰ্তি প্ৰক্ৰিয়াত সৃষ্টি হোৱা সমস্যা সামাধান কৰিবলৈ শিক্ষা মন্ত্ৰীক আছুৰ আহ্বান

ABOUT THE AUTHOR

...view details