শিৱসাগৰ,11 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক,2019 লোকসভাত ইতিমধ্যেই গৃহীত হোৱাৰ পাছত আজি দিনৰ 2 বজাত ৰাজ্যসভাত উত্থাপন কৰে বিধেয়কখন ৷ আৰু আজিয়েই বিধেয়কখন ৰাজ্যসভাত গৃহীত হৈ আইনত পৰিণত হোৱাৰ সম্ভাৱনা ৷ লোকসভাত বিধেয়কখন গৃহীত হোৱাৰ পাছৰে পৰা ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে অসমৰ খিলঞ্জীয়া ৰাইজৰ কেব বিৰোধী প্ৰতিবাদ ৷
শিৱসাগৰত অখিল গগৈৰ হুংকাৰঃ কেব কেতিয়াও মানি নলয় অসমে - Akhil Gogoi at Sivsagar
শিৱসাগৰত উপস্থিত হৈ অখিল গগৈৰ হুংকাৰ ৷ কেব কেতিয়াও মানি নলয় অসমবাসী ৰাইজে ৷ যি সমুহ ঠাইত এতিয়াও বন্ধৰ প্ৰভাৱ পৰা নাই সেই অঞ্চল সমূহৰ ৰাইজক অচিৰেই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ আহ্বান কৃষক নেতা গৰাকীৰ ৷
জাতিৰ এই সংকটৰ সময়ত স্বতস্ফূত ভাৱে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ জাগ্ৰত জনতা ৷ কি শিক্ষক সমাজ,কি শিক্ষাৰ্থী ! কি ডেকা,কৰি বুঢ়া ! সকলোৱে মিলি হাতত হাত ধৰি ৰাজপথলৈ উলাই আহিছে এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে ৷ এই আন্দোলনক অধিক তীব্ৰতৰ কৰি তোলাৰ উদ্দেশ্যে আজি পুৱাই শিৱসাগৰত উপস্থিত হয় কৃষক নেতা অখিল গগৈ ৷ শিৱসাগৰত প্ৰতিবাদকাৰী ৰাইজৰ মাজত উপস্থিত হৈয়েই অখিল গগৈৰ আহ্বান যি সমূহ ঠাইত এতিয়াও বন্ধৰ প্ৰভাৱ পৰা নাই সেই অঞ্চল সমূহৰ ৰাইজে অচিৰেই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰক ৷ লগতে ৰাইজৰ মাজত উপস্থিত হৈ কেব আমি নামানো,কেব অসমৰ মানুহে কেতিয়াও মানি নলয় বুলি পুনৰ বাৰ স্পষ্ট কৰি দিয়ে কৃষক নেতা গৰাকীয়ে ৷ আজিৰ দিনটো অতি গুৰুত্বপুৰ্ণ বুলি মন্তব্য কৰি আজিৰ দিনটোতে অসমৰ ইতিহাস সলনি হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য অখিল গগৈৰ ৷ গতিকে কেব বাতিল নোহাৱা পৰ্যন্ত সকলোকে এই আন্দোলনৰ ধাৰা অব্যাহত ৰখাৰ আহ্বান অখিল গগৈৰ ৷
TAGGED:
Akhil Gogoi at Sivsagar