শিৱসাগৰ, 23 মাৰ্চ :শিৱসাগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত সোমবাৰে হাজিৰ কৰা হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক । যোৱা ১৯ মাৰ্চ তাৰিখে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা শিৱসাগৰ আৰক্ষীয়ে জিম্মাত লৈছিল নেতা গৰাকীক ।
2019 বৰ্ষৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী গণ প্ৰতিবাদত অংশ লৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীয়ে। ১১ ডিচেম্বৰ তাৰিখে অংশ লোৱা উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ পাচতে ১৩ ডিচেম্বৰ তাৰিখে শিৱসাগৰ সদৰ থানাই একাধিক ধাৰাত ১৩৪৪/১৯ নং গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ ভিত্তিত যোৱা ১৭ মাৰ্চ তাৰিখে শিৱসাগৰ আদালতে গ্ৰেপ্তাৰৰ আদেশ দিছিল অখিল গগৈক। লগতে শিৱসাগৰ আৰক্ষীক ৪ দিনৰ জিম্মা মঞ্জুৰ কৰিছিল। দেওবাৰে চাৰি দিন উকলি যোৱাৰ পাচত সোমবাৰে আদালতত হাজিৰ কৰা হয় নেতা গৰাকীক । গোচৰ সন্দৰ্ভত ন্যায়ালয়ে আদেশ জাৰি কৰিব ।