অসম

assam

ETV Bharat / state

শিৱসাগৰত অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন - সদৌ অসম ছাত্ৰ সন্থা

শিৱসাগৰত আৰম্ভ হ’ল অসম জাতীয় পৰিষদৰ প্ৰথমখন পূৰ্ণাংগ অভিৰ্ৱতন ৷ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰচেষ্টাত জন্মলাভ কৰা দলটোৰ বুধবাৰে ঐতিহাসিক শিৱসাগৰ চহৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হয় ৷

শিৱসাগৰত অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন
শিৱসাগৰত অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন

By

Published : Dec 16, 2020, 11:00 PM IST

শিৱসাগৰ,16 ডিচেম্বৰঃ অসম জাতীয় পৰিষদৰ শিৱসাগৰ ৰাজনৈতিক অভিৱৰ্তনত বহু বুদ্ধিজীৱি, নেতা, সংগঠকৰ ভিৰ। পুৱা বৰ্ডিং খেলপথাৰত পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰ পাছত নাট্য মন্দিৰত অনুষ্ঠিত হয় জাতীয় দিক দৰ্শন সন্মিলন। কৃষ্ণ গোপাল ভট্টাচাৰ্যই সঞ্চালন কৰা সন্মিলনত প্ৰতিথযশা বুদ্ধিজীৱি হোমেন বৰগোঁহাই, প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰি, দীক্ষু ডি.আও, বসন্ত ডেকা, নেকিবুৰ জামান, আছুৰ সভাপতি দীপাংকৰ নাথ, সম্পাদক শংকৰজ্যোতি বৰুৱা, এজেৱাইচিপিৰ সভাপতি ৰাণা প্ৰসাদ বৰুৱা, সম্পাদক পলাশ জ্যোতি চাংমাই, পল্লৱী ডেকা বুজৰ বৰুৱা আদিকে ধৰি বিভিন্ন জনে অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদ কিদৰে আগবাঢ়ি যোৱা উচিত সেই সন্দৰ্ভত দিকদৰ্শন কৰে ।

শিৱসাগৰত অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন

সকলোৱে অসম আৰু অসমীয়াক এক সুস্থ বাতাবৰণত চলাই নিব পৰাকৈ মূল্যবোধৰ ৰাজনীতি গুৰুত্ব প্ৰদানৰ আহবান জনায়।ৰাজনৈতিক সুস্থতাৰ লগতে আৰ্থিক উন্নয়ণ আৰু অসমৰ গুৰুত্বপূৰ্ণ সমস্যা সমূহ সমাধানৰ দিশত আগবঢ়াই নিয়াৰ পোষকতা কৰে । অগপ দলৰ বঞ্চনাৰ ৰাজনীতিৰ পাপ মোচনৰ লগতে বিজেপি আৰু কংগ্ৰেছ দলৰ অসম ধ্বংসী ৰাজনীতি শেষ কৰাৰ আশা প্ৰকাশ কৰে আজিৰ দিকদৰ্শন সন্মিলনত ।

লগতে পঢ়কঃ হাগ্ৰামাৰ ভয়ত লিলিত আৱদ্ধ ২২ নৱ নিৰ্বাচিত পাৰিষদ

ABOUT THE AUTHOR

...view details